টীয়কৰ এগৰাকী ছাত্ৰীৰ দুটা বিশেষ সফলতাই এতিয়া সমূহ টীয়কবাসীক উৎফুল্লিত কৰি তুলিছে । টীয়কৰ হাঁহচৰা নিবাসী বিমান বৰা আৰু জোণমণি বৰাৰ কনিষ্ঠা জীয়ৰী ৰিমঝিম বৰাই সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন লাভ কৰাৰ সমান্তৰালকৈ একেটা দিনতে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত মডেলিং প্ৰতিযোগিতাত শীৰ্ষ স্থান দখল কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷
নতুন দিল্লীত গ্লবেল ইণ্ডিয়া চানচাইনৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ত আয়োজিত মডেলিং প্ৰতিযোগিতাৰ MISS GLOBLE INDIA SUNSINE MEGA TEEN খিতাপ দখল কৰিছে ৰিমঝিমে । উল্লেখযোগ্য যে ৰিমঝিমে ইয়াৰ পূৰ্বেও অসমৰ বহুকেইটা আগশাৰীৰ মডেলিং প্ৰতিযোগিতাত সুনাম অৰ্জন কৰি পৰিয়ালৰ লগতে সমূহ টীয়কবাসীক গৌৰৱাম্বিত কৰিছে ।
শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাত ৰিমঝিমে লাভ কৰা এই সফলতাই কেৱল টীয়ক নহয়, সমগ্ৰ অসমবাসীকে গৌৰৱান্বিত কৰি তুলিছে । হাঁহচৰাৰ পৰা গৈ ইমান কম বয়সতে সৰ্বভাৰতীয় পৰ্যায়ত মডেলিং জগতত সুনাম গঢ়াৰ লগতে শিক্ষাৰ ক্ষেত্ৰতো ৰিমঝিমৰ পাৰদৰ্শিতাক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে ।
Published by: Subham Goswami
FIRST PUBLISHED : May 25, 2023, 22:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।