মুখ্যপৃষ্ঠা »খবৰ »Jorhat »পদপথত ঘুগুণি-পকৰি বিক্ৰী কৰি দিনটোত মাত্ৰ ২ ঘন্টা পঢ়ি সি পাৰ কৰিলে শৈক্ষিক জীৱনৰ প্ৰথমখন দেওনা

পদপথত ঘুগুণি-পকৰি বিক্ৰী কৰি দিনটোত মাত্ৰ ২ ঘন্টা পঢ়ি সি পাৰ কৰিলে শৈক্ষিক জীৱনৰ প্ৰথমখন দেওনা

Success story of Avinash

Success story of Avinash

অবিনাশে দৈনিক পুৱা ৭ বজাৰ পৰা ৯ বজালৈ দেউতাকৰ হোটেল খুলি চাফ চিকুণ কৰি ৯ বজাত বিদ্যালয়লৈ যায়। বিদ্যালয়ৰ পৰা ঘূৰি আহি পুনৰ হোটেললৈ গৈ নিশা ৯ বজালৈকে অবিনাশে দেউতাকক সহায় কৰে খাদ্য প্ৰস্তুত কৰা আৰু বিক্ৰী কৰাত। 

  • Share this:
যোৰহাট, ২৩ মে': ইচ্ছাশক্তি প্ৰৱল হ'লে দৰিদ্ৰতা সফলতাৰ কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। এই কথাৰ জলন্ত প্ৰমাণ যোৰহাটৰ ছাত্ৰ অবিনাশ ৰাউট। প্ৰায় ১৬ বছৰ পূৰ্বে জীৱিকাৰ সন্ধানত বিহাৰৰ পৰা যোৰহাটলৈ আহিছিল অবিনাশৰ পিতৃ।

এখন সৰু হোটেল দি অতদিনে তেওঁ পৰিয়াল পোহপাল দি আহিছে। অবিনাশে দৈনিক পুৱা ৭ বজাৰ পৰা ৯ বজালৈ দেউতাকৰ হোটেল খুলি চাফ চিকুণ কৰি ৯ বজাত বিদ্যালয়লৈ যায়। বিদ্যালয়ৰ পৰা ঘূৰি আহি পুনৰ হোটেললৈ গৈ নিশা ৯ বজালৈকে অবিনাশে দেউতাকক সহায় কৰে খাদ্য প্ৰস্তুত কৰা আৰু বিক্ৰী কৰাত।

নিশা ঘৰলৈ উভতি দুঘণ্টা অধ্যয়ন কৰে পাঠ্যপুথি। আৰু তীক্ষ্ণ মেধাৰ বলত ইমান কষ্টৰ মাজতো অবিনাশে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থানত উত্তীৰ্ণ হ'ল।

অবিনাশৰ লক্ষ্য হৈছে বাণিজ্য শাখাত অধ্যয়ন কৰি ভৱিষ্যতে এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ। অবিনাশৰ এই সফলতাই এতিয়া গৌৰৱান্বিত কৰি তুলিছে পৰিয়ালবৰ্গক।

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি