মুখ্যপৃষ্ঠা »খবৰ »Jorhat »Jorhat News: অসমীয়া সাহিত্যলৈ মূল্যৱান অৱদান এগৰাকী আদৰ্শ পিতৃ, সৎ চৰকাৰী বিষয়াৰ 

Jorhat News: অসমীয়া সাহিত্যলৈ মূল্যৱান অৱদান এগৰাকী আদৰ্শ পিতৃ, সৎ চৰকাৰী বিষয়াৰ 

X
An //

An ideal father Sukla Chandra Goswami 

সত্য আৰু তথ্যৰে অসমৰ ইতিহাস লিপিবদ্ধ কৰি সাহিত্য জগতলৈ আগবঢ়ালে বহুকেইখন অমূল্য গ্ৰন্থ। যিখন সমাজত কন্যা সন্তানক বিশেষকৈ পিতৃয়ে অৱহেলা কৰাৰ কথা শুনিবলৈ পোৱা যায়, সেইখন সমাজত এইজন বিশেষ পিতৃ সমাজৰ বাবে হৈ পৰিছে এতিয়া আদৰ্শ ।

  • Share this:
শিল্পীকা হাজৰীকা, যোৰহাট: এওঁ অসমৰ আবকাৰী বিভাগৰ অৱসৰপ্ৰাপ্ত অধীক্ষক শুক্ল চন্দ্ৰ গোস্বামী, যি কৰ্মৰত সময়ছোৱাত বহুকেইটা দুৰ্নীতি ফাদিল কৰি নিজ কৰ্মক্ষেত্ৰত সততা আৰু নিষ্ঠাৰ পৰিচয় দিছিল । ইটোৰ পাছত সিটো অভিযানত সফল হোৱা ব্যক্তিজনে নৈতিকতাৰে সমাজখনত দাঙি ধৰিছে অন্য এখন প্ৰতিচ্ছবি ।

তেওঁৰ তিনিওজনী কন্যাক সমাজত সুপ্ৰতিষ্ঠিত কৰি তেওঁ সমাজলৈ আগবঢ়াইছে এক অমূল্য সম্পদ - " মায়ামৰা সত্ৰৰ ইতিহাস"। অসমৰ মায়ামৰা সম্প্ৰদায়, সেইসময়ৰ ৰজাৰ ৰাজত্ব, আধ্যাত্মিক থানসমূহৰ বিষয়ে সুন্দৰকৈ প্ৰকাশ হোৱা বিশেষ গ্ৰন্থখনে অসম বুৰঞ্জীৰ বহুতো কথিত-অকথিত সত্য, তথ্য ভিত্তিত প্ৰকাশ কৰিছে লেখক শুক্ল চন্দ্ৰ গোস্বামীয়ে। অশেষ ব্যস্ততাৰে ভৰা চাকৰিটোৰ মাজত নিজৰ বাবে থকা সময়খিনি গ্ৰন্থ ৰচনাতেই তেওঁ পাৰ কৰে।

এনেদৰে ৫ খনকৈ ধৰ্মীয় গ্ৰন্থ, উপন্যাস, আদিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে তেওঁ। সমান্তৰালভাৱে তিনিগৰাকী কন্যা সন্তানক সমাজত সু-প্ৰতিষ্ঠিত কৰাটোও কোনো অভিযানতকৈ কম প্ৰত্যাহ্বানপূৰ্ণ নহয়। এক শৃংখলাবদ্ধ আৰু সুন্দৰ প্ৰতিপালনৰ ফলতেই আজি শুক্ল চন্দ্ৰ গোস্বামীৰ ৩ গৰাকী জীয়াৰীয়ে নিজৰ ক্ষেত্ৰ এখন নিজে সৃষ্টি কৰি লৈছে ।

ডাঙৰ জীগৰাকী অধিবক্তা কাঞ্চন গোস্বামী, মাজু জী জাহ্নৱী গোস্বামী অসম লোকসেৱা আয়োগৰ বিষয়া আৰু সৰু জী আকাংক্ষা গোস্বামী অভিযন্তা হোৱাৰ দিশে ধাৱমান । শুক্ল চন্দ্ৰ গোস্বামীৰ পত্নী নিপা গোস্বামীয়েও স্বামীক প্ৰতিমূহুৰ্তত সামাজিক কামবোৰৰ প্ৰতি উৎসাহিত কৰি আহিছে । সমাজৰ এজন সৎ, নিকা, আদৰ্শ ব্যক্তিৰ জীৱন চানেকি বহন কৰা ব্যক্তিজনৰ পৰা আজিৰ প্ৰজন্মই শিকিবলগীয়া বহু কথা আছে ।

সমাজখনৰ প্ৰতি কিদৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিব লাগে, নিজৰ জাতীয় ইতিহাস, কৃষ্টি সংস্কৃতিৰ হকে কিদৰে কাম কৰিব লাগে, পৰিয়ালটোক কিদৰে পৰিচালনা কৰিব লাগে এই সমুদায় বিষয় সুপৰিচালিত কৰি সকলোৰে আদৰ্শ হোৱা শুক্ল চন্দ্ৰ গোস্বামীয়ে নৱপ্ৰজন্মক কʼলে বহুতো সাৰুৱা গঠনমূলক কথা ।

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি