এফালে ৰাজপথত উন্নয়নৰ শ্লোগানেৰে বিয়াগোম বিয়াগোম হ’ৰ্ডিং ৷ আনফালে উন্নয়ন বিচাৰি টীয়কত হাবাথুৰি খাইছে জনতাই ৷
এয়া ১০২ নং টীয়ক বিধানসভা সমষ্টিৰ জাঁজীমুখ আৰু কাকজান পঞ্চায়তৰ অন্তৰ্গত এখন গাঁও, চাংমাই গড়। স্বাধীনতাৰ ৭৫টা বছৰ অতিক্ৰম কৰাৰ পাঁচটো উন্নয়ন কিম্বা বিকাশ একো শব্দই চুব পৰা নাই এইবোৰ অঞ্চল ৷
এতিয়াও পথৰ অভাৱত স্কুললৈ নাযায় ছাত্ৰ-ছাত্ৰী ৷ চৰকাৰ আহে চৰকাৰ যায়, কিন্তু কোনো পৰিৱৰ্তন নহয় এইসকল লোকৰ ৷ বাৰিষা এবুকুলৈকে পানীত নাৱৰ ওপৰতে জীৱন চলে এইসকল লোকৰ ৷
খৰালি অফিচে অফিচে উন্নয়ন বিচাৰি হাবাথুৰি খাই ফুৰে এইসকল লোকে। কি পঞ্চায়ত প্ৰতিনিধি, কি বিধায়ক কিম্বা সাংসদ, কাৰো চাবলৈ আহৰি নাই এইসকললৈ ৷ এই সমূহ দৃশ্যৰ পিছতো চৰকাৰৰ উন্নয়নৰ শ্লোগানৰ কিবা অস্তিত্ব আছে জনো অন্ততঃ এইসকল লোকৰ বাবে !
Published by: Gautam Barman
FIRST PUBLISHED : March 17, 2023, 20:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।