মুখ্যপৃষ্ঠা »খবৰ »Jorhat »কান্ধত ঢোলটি লৈ বিশ্ব জয়ৰ সপোন দেখা যোৰহাটৰ এগৰাকী জীয়াৰী

কান্ধত ঢোলটি লৈ বিশ্ব জয়ৰ সপোন দেখা যোৰহাটৰ এগৰাকী জীয়াৰী

X
ঢোলবাদনেৰে //

ঢোলবাদনেৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হোৱাৰ হাবিয়াস সংযুক্তাশ্ৰীৰ

কাজিৰঙা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সংযুক্তাৰ ঢোলবাদনে ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে। ৫ বছৰ বয়সতে ঢোলটি কান্ধত লোৱা সংযুক্তাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঢোলবাদন প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। 

  • Share this:
শিল্পীকা হাজৰীকা, যোৰহাট: এইবাৰ নাগাৰা নাম নহয়, ঢোলবাদনেৰে সামাজিক মাধ‍্যমত চৰ্চা লাভ কৰিছে এগৰাকী যুৱতী সংযুক্তাশ্ৰীয়ে। টীয়কৰ চাওদাং গাঁৱৰ মেধাৱী ছাত্ৰী সংযুক্তাশ্ৰী বৰাই পঢ়াৰ সমান্তৰালকৈ চলাই আহিছে ঢোলবাদন আৰু ওজাপালিৰ চৰ্চা।

কাজিৰঙা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সংযুক্তাৰ ঢোলবাদনে ইতিমধ্যে সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে। ৫ বছৰ বয়সতে ঢোলটি কান্ধত লোৱা সংযুক্তাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঢোলবাদন প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমীয়া সমাজৰ এগৰাকী শিক্ষিত জীয়াৰীৰ এই প্ৰশংসনীয় প্ৰচেষ্টাক আগুৱাই নিয়াৰ দায়িত্ব সকলোৰে।

যি সময়ত কৰিশ্মা নাথৰ নাগাৰা নামৰ চৰ্চাই সামাজিক মাধ্যমত তোলপাৰ লগাইছে তেনে সময়ত অসমীয়া কৃষ্টিৰ চিনাকি হেপাহৰ ঢোলটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সংকল্প লোৱা সংযুক্তা যেন অৱহেলিত। ঘৰুৱা কাম বন আৰু পঢ়াৰ মাজতেই কান্ধৰ ঢোলটিত হাতৰ বুলনি দি নৱ প্ৰজন্মৰ সকলোকে অসমীয়া কৃষ্টিৰ চিনাকি, অন্যতম ঢোল বাদনৰ শিক্ষা ল’বলৈ আহ্বান জনাইছে সংযুক্তাশ্ৰীয়ে।

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি