মুখ্যপৃষ্ঠা »খবৰ »Jorhat »অসমৰ ছাত্ৰ-ছাত্ৰীলৈ পেট্ৰলিয়াম টেকন'লজীৰ বিশেষ কাৰিকৰী প্ৰশিক্ষণ ! এই প্ৰশিক্ষণে সহায় কৰিব তৈল ক্ষেত্ৰত নিযুক্তি লাভ কৰাত ...

অসমৰ ছাত্ৰ-ছাত্ৰীলৈ পেট্ৰলিয়াম টেকন'লজীৰ বিশেষ কাৰিকৰী প্ৰশিক্ষণ ! এই প্ৰশিক্ষণে সহায় কৰিব তৈল ক্ষেত্ৰত নিযুক্তি লাভ কৰাত ...

অইলমেক্স এনাৰ্জী নামৰ কোম্পানীটোৱে হাতত লৈছে অভিলাষী আচনি ! অসমৰ ছাত্ৰ-ছাত্ৰীলৈ পেট্ৰলিয়াম টেকন'লজীৰ বিশেষ কাৰিকৰী প্ৰশিক্ষণ

অইলমেক্স এনাৰ্জী নামৰ কোম্পানীটোৱে হাতত লৈছে অভিলাষী আচনি ! অসমৰ ছাত্ৰ-ছাত্ৰীলৈ পেট্ৰলিয়াম টেকন'লজীৰ বিশেষ কাৰিকৰী প্ৰশিক্ষণ

অইলমেক্স এনাৰ্জী নামৰ কোম্পানীটোৱে হাতত লৈছে অভিলাষী আচনি ! অসমৰ ছাত্ৰ-ছাত্ৰীলৈ পেট্ৰলিয়াম টেকন'লজীৰ বিশেষ কাৰিকৰী প্ৰশিক্ষণ

  • Share this:
অসমৰ ৪০ গৰাকী বিভিন্ন ক্ষেত্ৰৰ স্নাতক ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীক যোৰহাটত পেট্ৰলিয়াম টেকনলজিৰ বিশেষ কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰা হৈছে যোৰহাট ইনষ্টিটিউট অব চায়েন্স এণ্ড টেকনলজিত । অইলমেক্স এনাৰ্জী নামৰ কোম্পানীটোৱে প্ৰথমবাৰৰ বাবে অসমৰ ছাত্ৰ-ছাত্ৰীসকলক তৈল ক্ষেত্ৰত নিযুক্তি লাভৰ ক্ষেত্ৰত বিশেষ সহায়ক হোৱাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

Oilmax Group of Companies ৰ Oilmax Energy য়ে যোৰহাটত এক অভিলাষী প্ৰকল্প হাতত লৈছে । প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ কৰ্পৰেট চছাইটি ৰেছপনছিবিলিটি ফাণ্ডৰ দ্বাৰা "সৰ্ব গুণ সম্পন্ন " শীৰ্ষক এক আঁচনি হাতত লৈছে যোৰহাট ইনষ্টিটিউট অব চায়েন্স এণ্ড টেকনলজি চমুকৈ JIST ত । অইলমেক্সে প্ৰথমবাৰৰ বাবে হাতত লোৱা এই প্ৰকল্পৰ জৰিয়তে পেট্ৰলিয়াম টেকনলজিৰ কাৰিকৰীভাবে দক্ষ পেচাদাৰী ব্যক্তি গঢ় দিয়াৰ চেষ্টা কৰিছে । জিষ্টত অইলমেক্সে স্থাপন কৰা এক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত অসমৰ বিভিন্ন ঠাইৰ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক পেট্ৰলিয়াম টেকনলজিৰ কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰা হয় । স্নাতক ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীসকলক অইল আৰু গেছ খণ্ডৰ সৈতে জড়িত দেশৰ আগশাৰীৰ অভিজ্ঞ ব্যক্তিসকলে পেট্ৰলিয়াম টেকনলজিৰ বিদ্যায়তনিক শিক্ষা প্ৰদান কৰে । ইতিমধ্যে ৪৫ দিনৰ  এই পাঠ্যক্ৰম সফলতাৰে সমাপন কৰা ছাত্ৰ-ছাত্ৰীসকলক নেচনেল স্কিল ডেভেলপমেন্টৰ দ্বাৰা অনুমোদিত চাৰ্টিফিকেট প্ৰদান কৰা হৈছে । এই মানপত্ৰ ঔদ্যোগিক প্ৰতিষ্ঠানসমূহত নিযুক্তি লাভৰ ক্ষেত্ৰত বিশেষ সহায়ক হব ।

বৃহস্পতিবাৰে যোৰহাটৰ চটাইস্থিত জিষ্টত এই বিশেষ প্ৰশিক্ষণৰ পাঠ্যক্ৰম সফলতাৰে সমাপন কৰা ছাত্ৰ-ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে মানপত্ৰ প্ৰদান কৰা হয় । এই প্ৰশিক্ষণ গ্ৰহণ কৰা একাংশ ছাত্ৰ-ছাত্ৰীয়ে অইল মেক্স কোম্পানীত নিযুক্তি লাভ কৰিব । আনহাতে ভৱিষ্যতে এই প্ৰশিক্ষণ সফলতাৰে সমাপ্ত কৰা ছাত্ৰ-ছাত্ৰীসকলে যাতে দেশৰ আগশাৰীৰ তৈল কোম্পানীসমূহত নিযুক্তি লাভ কৰে সেই ক্ষেত্ৰতো অইল মেক্সে উদ্যোগ গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে । বিদ্যায়তনিক ক্ষেত্ৰত গ্ৰহণ কৰা অইলমেক্সৰ এই পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে ।

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি