যোৰহাট নগৰৰ অঙ্কুৰ গুপ্তা নামৰ ব্যৱসায়ী তথা প্ৰাক্তন পৌৰ সদস্যজন কিছুদিন পূৰ্বে এক মাৰপিটৰ ঘটনাত গ্ৰেপ্তাৰ হৈ কাৰাগাৰলৈ যাব লগা হৈছিল। কাৰাগাৰত থকা সময়ছোৱাত ব্যৱসায়ীজনে তাৰ ভিতৰত থকা লোকসকলৰ দূৰাৱস্থা দেখিবলৈ পাইছিল। গুপ্তাই কয়দী (কাৰাবন্দী)সকলৰ বিভিন্ন অসুবিধা প্ৰত্যক্ষ কৰিছিল। কয়দীসকল প্ৰায়ে চকুৰ অসুখত ভুগি অহাৰ লগতে তেওঁলোকৰ বাবে আঁঠুৱাৰ অভাৱ আছিল। আনহাতে, কাৰাগাৰৰ ভিতৰত শৌচাগাৰৰ ভঙা দৰ্জাও প্ৰত্যক্ষ কৰিছিল অঙ্কুৰ গুপ্তাই। সেয়েহে কাৰাগাৰৰ পৰা ওলাই আহি অঙ্কুৰ গুপ্তাই এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে।
তেখেতে কাৰাবন্দীসকলক সহায় কৰিবলৈ আগবাঢ়ি আহি প্ৰথমে তেওঁলোকৰ বাবে আয়োজন কৰিলে এটি চকু পৰীক্ষা শিৱিৰৰ। ইয়াৰ পিছত যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীসকলৰ বাবে যোৰহাটৰ অগ্ৰণী সামাজিক অনুষ্ঠান মাৰোৱাৰী সন্মিলন ( যোৰহাট শাখা) আৰু মন্থন ক্লাবৰ সহযোগত প্ৰাক্তন পৌৰ সদস্য অংকুৰ গুপ্তাই আগভাগ লৈ যোৰহাট কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষক ২০৫ খন আঁঠুৱা প্ৰদান কৰে।
উল্লেখযোগ্য যে, অঙ্কুৰ গুপ্তা আৰু মাৰোৱাৰী সন্মিলনৰ উদ্যোগত যোৰহাট কাৰাগাৰত কিছুদিন পূৰ্বে এটি চকু চিকিৎসা শিৱিৰৰো আয়োজন কৰা হৈছিল। লগতে কাৰাগাৰৰ ভিতৰত শৌচাগাৰত নতুন দৰ্জাও লগাই দিয়াৰ ব্যৱস্থা কৰা হয়।
অঙ্কুৰ গুপ্তাৰ এই কাৰ্যৰ বাবে কেন্দ্ৰীয় কাৰাগাৰৰ বিষয়া কৰ্মচাৰীৰ লগতে অন্যান্য লোকেও তেওঁৰ শলাগ লৈছে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|