মুখ্যপৃষ্ঠা »খবৰ »Jorhat »মৰিয়নিৰ এখন বিদ্যালয়ে হেৰুৱালে স্বীকৃতি

মৰিয়নিৰ এখন বিদ্যালয়ে হেৰুৱালে স্বীকৃতি

ছেবাৰ সিদ্ধান্তত ক্ষুুুুব্ধ মৰিয়নিৰ ৰাইজ

ছেবাৰ সিদ্ধান্তত ক্ষুুুুব্ধ মৰিয়নিৰ ৰাইজ

মৰিয়নি সমষ্টিৰ নাগালেণ্ড সীমান্তৰ চাহ বাগিচা অধ্যুষিত অঞ্চল বাহনিত অৱস্থিত বাহনি হাইস্কুলৰ স্বীকৃতি ছেবাই বাতিল কৰে। 

  • Share this:
যোৰহাট, ৩ মাৰ্চ: বিগত বছৰসমূহত প্ৰদৰ্শন কৰা ফলাফলৰ ভিত্তিত ইতিমধ্যে ৰাজ্য চৰকাৰে বহু বিদ‍্যালয় একত্ৰীকৰণৰ লগতে শতাধিক বিদ‍্যালয়ৰ স্বীকৃতি বাতিল কৰিছে।

সেই অনুসৰি যোৰহাট জিলাৰো কেইখনমান বিদ্যালয় বন্ধ কৰি দিয়া হৈছে। মৰিয়নিৰ নাগালেণ্ড সীমান্তৰ এখন বিদ‍্যালয়ৰো স্বীকৃতি বাতিল কৰিছে ছেবাই।

মৰিয়নি সমষ্টিৰ নাগালেণ্ড সীমান্তৰ চাহ বাগিচা অধ্যুষিত অঞ্চল বাহনিত অৱস্থিত বাহনি হাইস্কুলৰ স্বীকৃতি ছেবাই বাতিল কৰে।

বিগত সময়চোৱাত বিদ্যালয়খনৰ মেট্ৰিক পৰীক্ষাত প্ৰদৰ্শন কৰা শোচনীয় ফলাফলৰ বাবে বিদ্যালয়খনৰ স্বীকৃতি বাতিল কৰা হৈছে।

সীমান্তৱৰ্তী চাহ অধ্যুষিত অঞ্চলটোৰ অ-প্ৰাদেশিকৃত একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান বাহনি উচ্চ ইংৰাজী বিদ্যালয়ৰ স্বীকৃতি বাতিল নকৰিবলৈ অসম চৰকাৰ তথা ছেবাৰ প্ৰতি আহ্বান জনাইছে বিদ্যালয়ৰ শিক্ষক,ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে।

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি