মুখ্যপৃষ্ঠা »খবৰ »Jorhat »টীয়কবাসীয়ে সুঁৱৰিলে লুকিনাথ শেনচোৱাক, ১৮৫৮ চনৰ ১৮ মাৰ্চৰ দিনটোৰ স্মৃতিচাৰণ

টীয়কবাসীয়ে সুঁৱৰিলে লুকিনাথ শেনচোৱাক, ১৮৫৮ চনৰ ১৮ মাৰ্চৰ দিনটোৰ স্মৃতিচাৰণ

লুকিনাথ শেনচোৱা বৰুৱা স্মৃতি অনুষ্ঠান 

লুকিনাথ শেনচোৱা বৰুৱা স্মৃতি অনুষ্ঠান 

কলিয়াপানীলৈ প্ৰেৰণ কৰা এই বীৰসকলৰ ভিতৰত পুব যোৰহাটৰ ঐতিহাসিক বীৰ লুকিনাথ শেনচোৱা বৰুৱা অন্যতম । ১৮৫৮ চনৰ ১৮ মাৰ্চৰ দিনা নিৰ্বাসনৰ দিনটো সুৱৰি কাকজানৰ শেনচোৱা পুখুৰীৰ পাৰত লুকিনাথ শেনচোৱা বৰুৱা সংৰক্ষণ সমিতিৰ উদ্যোগত এক বন্তি প্ৰজ্বলন তথা স্মৃতি অনুষ্ঠান সম্পন্ন হয় । 

  • Share this:
যোৰহাট, ১৯ মাৰ্চ:  ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহত অসমৰ স্বাধীনতা সেনানী মণিৰাম দেৱান আৰু পিয়ালী বৰুৱাক ফাঁচিকাঠত ওলোমাই মৃত্যুদণ্ড দিয়াৰ লগতে কেইগৰাকীমান বীৰক আন্দামানলৈ দেশান্তৰিত কৰা হৈছিল।

কলিয়াপানীলৈ প্ৰেৰণ কৰা এই বীৰসকলৰ ভিতৰত পূব যোৰহাটৰ ঐতিহাসিক বীৰ লুকিনাথ শেনচোৱা বৰুৱা অন্যতম। ১৮৫৮ চনৰ ১৮ মাৰ্চৰ দিনা নিৰ্বাসনৰ দিনটো সুঁৱৰি কাকজানৰ শেনচোৱা পুখুৰীৰ পাৰত লুকিনাথ শেনচোৱা বৰুৱা সংৰক্ষণ সমিতিৰ উদ্যোগত এক বন্তি প্ৰজ্বলন তথা স্মৃতি অনুষ্ঠান সম্পন্ন হয়।

বিয়লি অনুষ্ঠিত কাৰ্যসূচীৰ আঁত ধৰে লুকিনাথ শেনচোৱা বৰুৱা স্মৃতি সংৰক্ষণ সমিতিৰ সম্পাদক ৰাজীৱ গগৈয়ে। অনুষ্ঠানত লুকিনাথ শেনচোৱা বৰুৱা সম্পৰ্কত লুকিনাথ শেনচোৱা বৰুৱাৰ পৰিনাতি চিত্তৰঞ্জন বৰুৱা, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া অজিত কুমাৰ বৰদলৈ, সংৰক্ষণ সমিতিৰ কাৰ্যকৰী সভাপতি ৰাম প্ৰসাদ ফুকন, লাচিত মৈদাম সংৰক্ষণ সমিতিৰ সভাপতি হৰেন বৰুৱাই বক্তব্য প্ৰদান কৰে।

অনুষ্ঠানত লাচিত মৈদাম সমিতিৰ হৈ অনিল সন্দিকৈ, কাকজান ক্ৰীড়া সন্থাৰ সম্পাদক ৰূপক ৰঞ্জন শইকীয়া, ৱাৰ্ড সদস্য নৱজ্যোতি বৰা, সমাজকৰ্মী ভদ্ৰেশ্বৰ বৰগোহাঁই, অধ্যাপক লক্ষ্যপ্ৰতিম নিৰ্মলীয়াকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত বহুকেইটা অনুষ্ঠানৰ প্ৰতিনিধি অনুষ্ঠানত উপস্থিত থাকে।

বীৰগৰাকীৰ সম্পৰ্কত বিদ্যায়তনিক চৰ্চাৰ বাবে আলোচনা চক্ৰ, ঐতিহাসিক লুকিনাথ শেনচোৱা বৰুৱা পুখুৰীৰ পাৰত বীৰগৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণ, উদ্যান আৰু প্ৰেক্ষাগৃহ নিৰ্মাণকে ধৰি কেইবাটাও বিষয়ৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি