মুখ্যপৃষ্ঠা »খবৰ »Jorhat »Jorhat Transport Department: যোৰহাটত পৰিবহন বিভাগৰ অভিলেখ পৰিমাণৰ ৰাজহ সংগ্ৰহ; ২০২২–২৩ বিত্তীয় বৰ্ষত চৰকাৰে নিৰ্ধাৰণ কৰা ৰাজহ সংগ্ৰহৰ লক্ষ্য অতিক্ৰম পৰিবহন বিভাগৰ

Jorhat Transport Department: যোৰহাটত পৰিবহন বিভাগৰ অভিলেখ পৰিমাণৰ ৰাজহ সংগ্ৰহ; ২০২২–২৩ বিত্তীয় বৰ্ষত চৰকাৰে নিৰ্ধাৰণ কৰা ৰাজহ সংগ্ৰহৰ লক্ষ্য অতিক্ৰম পৰিবহন বিভাগৰ

মাত্ৰাধিক গতিবেগত গাড়ী চলোৱা দহ সহস্ৰাধিক বাহনৰ গৰাকীক বিহা হৈছে জৰিমনা

মাত্ৰাধিক গতিবেগত গাড়ী চলোৱা দহ সহস্ৰাধিক বাহনৰ গৰাকীক বিহা হৈছে জৰিমনা

মাত্ৰাধিক গতিবেগত গাড়ী চলোৱা দহ সহস্ৰাধিক বাহনৰ গৰাকীক বিহা হৈছে জৰিমনা

  • Share this:
যোৰহাটৰ পৰিবহন বিভাগে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত ২০২২–২৩ বিত্তীয় বৰ্ষত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এই বিত্তীয় বৰ্ষত মাহে ৫ কোটি ১৫ লাখ টকাকৈ ৰাজহ সংগ্ৰহ কৰা যোৰহাটৰ পৰিবহন বিভাগে অত্যাধিক গতিবেগত গাড়ী চলোৱা দহ সহস্ৰাধিক বাহনৰ ওপৰত জৰিমনা বিহাৰ লগতে ছয় শতাধিক অত্যাধিক বোজা কঢ়িওৱা বাহনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে।

ৰাজহ সংগ্ৰহেৰে অভিলেখ গঢ়িবলৈ সক্ষম হোৱা যোৰহাট জিলাৰ পৰিবহন বিভাগে ২০২২–২৩ বিত্তীয় বৰ্ষত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ৬০ কোটি ৭১  লাখ টকাৰ লক্ষ্য অতিক্ৰম কৰি ৬১ কোটি ৭৮ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ২০১৯–২০ আৰু ২০২০–২১ বৰ্ষত ৰাজহ সংগ্ৰহৰ পৰিমাণ ক্ৰমে ৩৭ কোটি ৪১  লাখ টকা আৰু ৩৩ কোটি ৩৩ লাখ টকা আছিল।

যোৰহাট পৰিবহন বিভাগে ২০২২–২৩ বৰ্ষত চহৰখনত যানবাহন আইন ভংগকাৰীৰ পৰা ২৭ মাৰ্চ পৰ্যন্ত ৩ কোটি ৬৭ লাখ টকাৰ জৰিমণা সংগ্ৰহ কৰিছে। বাকীখিনি ৰাজহ যান-বাহনসমূহৰ পৰা কৰ হিচাপে পৰিবহন বিভাগে সংগ্ৰহ কৰিছে। অত্যাধিক গতিবেগত যান-বাহন চলোৱা দহ সহস্ৰাধিক বাহনক বিগত বিত্তীয় বৰ্ষত জৰিমনা বিহাৰ লগতে ছয় শতাধিক মাত্ৰাধিক সামগ্ৰী কঢ়িওৱা বাহনৰ ওপৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ সমান্তৰালকৈ বহু ড্ৰাইভিং লাইচেন্স বাতিল কৰাৰ লগতে অন্যান্য যান-বাহন আইন ভংগকাৰীৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে পৰিবহন বিভাগৰ বিষয়াসকলে যোৰহাট জিলাৰ চুকে কোনে গ্ৰাম্যাঞ্চলসমূহতো কৰ ফাকি দি অহা যান-বাহনৰ বিৰুদ্ধে  অভিযান চলাইছিল।

যোৰহাটৰ জিলা পৰিবহন বিষয়া মনিৰুদ্দিন আহমেদে কয় যে, ‘‘আমাৰ বিষয়া-কৰ্মচাৰীসকলে এটা টিম হিচাবে দিনে নিশাই কৰা কষ্টৰ ফলস্বৰূপে আমি এই ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো। এই ক্ষেত্ৰত যোৰহাটৰ ৰাইজৰ পৰাও আমি সহযোগিতা লাভ কৰিছো। ইয়াৰ বাবে আমি সকলোকে কৃতজ্ঞতা জনাইছো আৰু ভৱিষ্যতে যানবাহন আইন মানি চলিবলৈ আহ্বান জনাইছো ।’’

কৰ পৰিশোধ কৰাৰ ক্ষেত্ৰত যোৰহাটৰ ৰাইজে আগবঢ়োৱা সহযোগিতাৰ বাবে যোৰহাটৰ পৰিবহন বিভাগে ৰাইজক কৃতজ্ঞতা জনোৱাৰ লগতে এই অভিযানৰ ধাৰা অব্যাহত থাকিব বুলি যোৰহাটৰ জিলা পৰিবহন বিষয়াজনে জানিবলৈ দিয়ে।

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি