যোৰহাট, ১৩ মাৰ্চ: ব'হাগ মানেই সুকীয়া অনুভৱ ।গছত কুঁহিপাত, নদীত ন-পানী । ব'হাগ অহাৰ বতৰা পাই কোমল কুঁহিপাতৰ আঁৰত বহি কুলীজনীয়ে উতনুৱা কৰে নাচনীৰ মন । আইতাৰ বৰপেৰা খুলি ৰিহাখন উলিয়াই নাচনীয়ে নাচিবলৈ সাঁজিকাচি ওলায় ।
এইবাৰ কুলি,কেতেকী অহাই নাই । কিন্তু ঢোলৰ গুমগুমনি উঠিলেই । এইবাৰ ৰজাঘৰৰ পৃষ্ঠপোষকতাত বিশ্বত জিলিকিব বাপতিসাহোন ৰঙালী বিহু । এয়া টীয়কৰ দৃশ্য ।
১৪ এপ্ৰিলত সৰুসজাইত আয়োজন কৰা ১১ হাজাৰ নাচনীয়ে একেলগে নাচি গীনিজ বুকত নাম সন্নিবিষ্ট কৰিবলৈ চৰকাৰে লোৱা পদক্ষেপৰ বাবে এতিয়া টীয়কত চলিছে জোৰদাৰ প্ৰস্ততি ।
ঢোলৰ গুমগুমনিত ৰজনজাইছে চৌপাশ । ককাল ঘুৰাই নাচিছে নাচনীয়ে । ইপিনে হেপাঁহৰ ৰঙালী বিহুক লৈ চৰকাৰে হাতত লোৱা এনে পদক্ষেপক একেমুখে প্ৰশংসা কৰিছে সকলোৱে ।
উল্লেখ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi) সাক্ষী হ'বলগীয়া তথা সৰুসজাই খেলপথাৰত আয়োজিত এই বৃহৎ অনুষ্ঠানৰ বাবে এতিয়া এনেদৰে প্ৰতিখন জিলাতে চলিছে বাচনি প্ৰক্ৰিয়া আৰু প্ৰশিক্ষণ ।
যোৰহাট জিলাৰ পৰা মুঠ আঠশ গৰাকী নাচনী বিহুৱাই এই ৰেকৰ্ডত অংশগ্ৰহণ কৰিব । ইতিমধ্য টীয়কৰ পৰাই প্ৰায় দুই শতাধিক বিহুৱা-বিহুৱতী নিৰ্বাচন কৰাৰ ব্যৱস্থা কৰিছে প্ৰশিক্ষক সকলে ।লগতে এই নিৰ্বাচিতসকলক ২৭ মাৰ্চৰ পৰা পাঁচদিনীয়া এক বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে ।
Published by: Subham Goswami
FIRST PUBLISHED : March 14, 2023, 02:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।