চৰকাৰৰ পৃষ্ঠপোষকতাত অহা 14 এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই খেলপথাৰত বিশ্ব ৰেকৰ্ডৰ বাবে আয়োজিত বিহুৰ আখৰা আজি টীয়কত আৰম্ভ হৈছে ।
উল্লেখযোগ্য যে উক্ত দিনা অসমীয়াৰ আপোন বিহুটিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ অৰ্থে অসম চৰকাৰে দহ হাজাৰ নাচনী-বিহুৱাই একেলগে বিহু মাৰি গীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ প্ৰস্তুতি চলাইছে ।
তাৰ অংশস্বৰূপে টীয়ক সমষ্টিৰ পৰা প্ৰায় দুশ গৰাকী নাচনি-ঢুলীয়াক আজিৰ পৰা চৰকাৰীভাৱে অনুমোদন পোৱা প্ৰশিক্ষকৰ দ্বাৰা টীয়ক হাইস্কুলৰ খেলপথাৰত অনুশীলনৰ ব্যৱস্থা কৰা হৈছে আৰু আগন্তুক পাঁচটাকৈ দিন প্ৰশিক্ষণ প্ৰদান কৰা হব বুলি জানিব পৰা গৈছে ।
উক্ত প্ৰশিক্ষণ শিবিৰত আজি টীয়ক ৰাজহ চক্ৰ চক্ৰ বিষয়াৰ লগতে যোৰহাট জিলা প্ৰসাশনৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকি অংশগ্ৰহণকাৰীসকলক উৎসাহিত কৰাৰ লগতে আখৰাৰ সময়ত যেন কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ উচিত ব্যৱস্থা গ্ৰহণ কৰে।
ইপিনে আজি বিশেষভাৱে ঢোলৰ ওজা মহেন্দ্ৰ চুতীয়া উক্ত আখৰা শিবিৰত মুখ্য পৰ্যবেক্ষক হিচাপে উপস্থিত হৈ নৱ প্ৰজন্মৰ এই উৎসাহ দেখি আপ্লুত হৈ পৰিছে । লগতে চৰকাৰে বিহুক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া অতি আদৰণীয় বুলি অভিহিত কৰিছে ।
ইপিনে সময়ে সময়ে অৱশ্যে ঢোলৰ ওজাকে ধৰি লোকশিল্পীৰ সাধক সকলক বিশেষকৈ বিহুৰ বতৰত বিহু উদযাপন সমিতিসমূহে বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহয় যাৰ বাবে ক্ষোভ প্ৰকাশ কৰে ওজাগৰাকীয়ে আৰু এইক্ষেত্ৰত চৰকাৰে বিহু উদযাপন সমিতিসমূহক বিহুৰ লগতে লোকশিল্পৰ সৈতে জড়িত শিল্পীসকলক প্ৰকৃত মৰ্যদা প্ৰদান কৰিবলৈ ইতিবাচক উদ্যোগ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে শিল্পীগৰাকীয়ে ।
Published by: Gautam Barman
FIRST PUBLISHED : March 29, 2023, 19:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।