যোৰহাট জিলা প্ৰশাসন আৰু জিলা মহিলা শিশু উন্নয়ন বিভাগৰ যৌথ উদ্যোগত আজি পোষণ "পাখোৱাৰা" ২০২৩ ৰ উদ্বোধন কৰা হয় ৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা মুক্তিযুঁজাৰু ভৱনলৈকে এক শোভাযাত্রা কার্যসূচীয়ে শুভাৰম্ভ কৰি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মুক্তিযুঁজাৰু ভৱনত এখন সভা অনুষ্ঠিত কৰা হয়।
উক্ত সভাত উপস্থিত থাকে ক্রমে জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়া, সহকাৰী আয়ুক্ত পৰিণীতা চক্রৱৰ্তী, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ শশীধৰ ফুকন, কৃষি বিজ্ঞান কেন্দ্রৰ জ্যেষ্ঠ বিজ্ঞানী ড° সঞ্জয় বৰঠাকুৰ, মিলেটৰ নডেল বিষয়া ড° পৰাগজ্যোতি শইকীয়া, স্বাস্থ্য বিষয়া ডাঃ অচিত কুমাৰ বৰুৱা, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া কিশোৰ শইকীয়া, যোৰহাট গ্রাম্য প্রকল্প বিষয়া উত্তম অধিকাৰীৰ লগতে যোৰহাট জিলাৰ অধীনৰ প্ৰতিটো সংহত শিশু উন্নয়ন প্রকল্পৰ বিষয়াসকল, মুখ্য সেৱীকাসকল, সমূহ পোষণ অভিযানৰ কৰ্মচাৰীসকল, জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ বিষয়ববীয়াসকল আৰু অন্যান্য কর্মচাৰীবৃন্দ ৷
সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাতো অহা ১ এপ্ৰিললৈকে হ'বলগীয়া পোষণ পাখোৱাৰা - ২০২৩ বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে ৷ উদ্বোধনী অনুষ্ঠানত সমগ্ৰ যোৰহাট জিলাতে শ্রীঅন্ন (মিলেটৰ) প্রসাৰ আৰু মিলেটক অধিক জনপ্রিয় কৰণৰ সন্দৰ্ভত বিষদভাবে আলোচনা কৰা হয় । মিলেটৰ পৰিপুষ্টি আৰু ইয়াৰ গুণাগুণৰ ওপৰত ড° পৰাগ জ্যোতি শইকীয়া আৰু ড° সঞ্জয় বৰঠাকুৰে বিষদভাবে জানিবলৈ দিয়ে ৷
অন্যান্য অতিথিসকলেও ইয়াৰ সজাগতা আৰু পুষ্টি সাধনৰ সৰ্ন্দভত বিভিন্ন মন্তব্য আগবঢ়ায় । ইয়াৰোপৰি উক্ত কেইদিনত ৰাজ্যজুৰি সুস্থ শিশু প্ৰতিযোগিতাৰ আয়োজন কৰা, সক্ষম অংগনৱাড়ী কেন্দ্ৰৰ জনপ্ৰিয়কৰণ, মিলেটৰ খাদ্য মেলা অনুষ্ঠিত কৰাৰ লগতে জিলাখনৰ প্ৰতিটো শিশু উন্নয়ন প্ৰকল্পৰ অধীনতে বিভিন্ন কাৰ্যসূচী পালন কৰা হ'ব ৷
Published by: Gautam Barman
FIRST PUBLISHED : March 22, 2023, 19:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।