মুখ্যপৃষ্ঠা »খবৰ »Jorhat »Jorhat: ভোট জলকীয়াৰ খেতিৰে লাখপতি হোৱা এজন যুৱক

Jorhat: ভোট জলকীয়াৰ খেতিৰে লাখপতি হোৱা এজন যুৱক

টীয়কৰ ভাস্কৰ হাজৰিকাৰ সফলতাৰ কাহিনী

টীয়কৰ ভাস্কৰ হাজৰিকাৰ সফলতাৰ কাহিনী

টীয়কৰ যুৱ কৃষক ভাস্কৰ হাজৰিকাই কেৱল ভোট জলকীয়া বিক্ৰী কৰি লাভ কৰিছে ১৮ লাখ টকা । তদুপৰি এতিয়া ভাস্কৰৰ কৃষিপামত উৎপাদন হৈ আছে হাজাৰ হাজাৰ নেমুটেঙা । 

  • Share this:
যোৰহাট, ১১ মাৰ্চ: আমি প্ৰায়ে শুনো পঞ্জাৱৰ কৃষকে কৃষিকাৰ্যৰ জৰিয়তে বিলাসী গাড়ী,ঘৰ ক্ৰয় কৰে । যাপন কৰে এক আড়ম্বৰপূৰ্ণ জীৱন । কিন্তু অসমতো যে কৃষিকাৰ্যৰ জৰিয়তে লাখপতি হ'ব পাৰি,সেয়া প্ৰমাণ কৰি দেখুৱালে টীয়কৰ এজন যুৱকে ।

টীয়কৰ যুৱ কৃষক ভাস্কৰ হাজৰিকাই কেৱল ভোট জলকীয়া বিক্ৰী কৰি লাভ কৰিছে ১৮ লাখ টকা । তদুপৰি এতিয়া ভাস্কৰৰ কৃষিপামত উৎপাদন হৈ আছে হাজাৰ হাজাৰ নেমুটেঙা ।

ৰাজ্যত যি সময়ত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে,ল'ৰা ছোৱালীয়ে চাকৰি বিচাৰি হাবাথুৰি খাইছে, বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, সেই সময়তে কৃষিকাৰ্যৰ জৰিয়তে সফলতাৰ জখলা বগাই অনন্য নিদৰ্শন দাঙি ধৰিছে টীয়কৰ ভাস্কৰে ।

টীয়কৰ কলিয়াপানীস্থিত আউনীআটী শাখা সত্ৰৰ চন পৰি থকা মাটি ভাস্কৰে লিজত লৈ আৰম্ভ কৰিছিল এখন ক্ষুদ্ৰ কৃষি পাম । ভাস্কৰৰ কঠোৰ পৰিশ্ৰমৰ বলত এতিয়া এই কৃষিপাম ভৰি পৰিছে ভোট জলকীয়া,নেমুটেঙা,অমিতা,কল আদি বিভিন্ন খেতিৰে ।

বিগত বৰ্ষত কেৱল ভোট জলকীয়াৰ খেতিৰ পৰা ভাস্কৰে লাভ কৰিছে ১৮ লাখ টকা । উল্লেখ্য,ক'ভিডৰ ভয়াৱহতাৰ সময়ত আৰ্তজনৰ সহায়ৰ অৰ্থে নিজৰ কৃষিপামৰ পৰা উপাৰ্জিত ধনৰ পৰা মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ভাস্কৰে আগবঢ়াইছিল ৫৫ হাজাৰ টকা ।

উপাৰ্জনৰ সন্ধানত থকা বহু নিবনুৱা যুৱক-যুৱতীৰ বাবে টীয়কৰ ভাস্কৰ হাজৰিকাই এই নিদৰ্শন দাঙি ধৰিছে যে কৃষিৰ দ্বাৰাও মানুহ স্বাৱলম্বী হ'ব পাৰে ।

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি