যোৰহাটত নিৰীহ যুৱকক মাৰিপিট কৰি গুৰুতৰভাবে আহত কৰা তিনিজন আৰক্ষী কনিষ্টবল আৰু এগৰাকী প্ৰৱেশ্যনাৰ ডিএছপিৰ ওপৰত যোৰহাট আৰক্ষীয়ে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। যোৰহাট নগৰৰ তৰাজান সন্মিলন আৰু তৰাজান পূজা মন্দিৰত সোমবাৰে নিশা প্ৰৱেশ কৰি পুলিবৰ থানাৰ পৰা অহা আৰক্ষীৰ এটা দলে দুজন লোকৰ ওপৰত পাশৱিক নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীৰ শীৰ্ষ বিষয়াই এই ঘটনাৰে জড়িত আৰক্ষী লোকসকলৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে। এই ঘটনাৰ সময়ত আৰক্ষী দলটোৰ নেতৃত্ব বহন কৰা প্ৰৱেশ্যনাৰ ডিএছপি স্মৃতিৰেখা ফুকনক অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়লৈ তলৱ কৰা হৈছে। ঘটনাৰে জড়িত তিনিজন আৰক্ষী কনিষ্টবলক তাৎক্ষণিকভাৱে ৰিজাৰ্ভ ক্লজ কৰা হৈছে। ৰিজাৰ্ভ ক্লজ কৰা কনিষ্টবলকেইজন হ’ল ছাহিদুৰ ৰহমান, প্ৰিয়ত্তম গগৈ আৰু বিনীত দাস। ইতিমধ্যে যোৰহাটৰ উচ্চপদস্থ আৰক্ষী বিষয়াই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে, যোৰহাট তৰাজান পূজা মন্দিৰত সোমবাৰে নিশা পুলিবৰ আৰক্ষী থানাৰ পৰা অহা আৰক্ষীৰ এটা দলে জিতেন ৰুহিদাস নামৰ এজন লোকক বিচাৰি আহিছিল। পুৰণা এটা গোচৰ সন্দৰ্ভত আদালতত হাজিৰ কৰাবলৈ জিতেনক বিচাৰি আৰক্ষীৰ দলটো গৈছিল। জিতেন আৰু পাপু নামৰ লোক দুজনে তৰাজান সন্মিলনত শ্ৰমিক হিচাবে নিয়োজিত হৈ আছিল। সোমবাৰে তৰাজান সন্মিলনৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানৰ পিছত দুয়ো নিশা তৰাজান সন্মিলনৰ ভিতৰতে শুই থাকে। নিশা অহা আৰক্ষীৰ দলটোৱে পাপুক ৰুহিদাস বুলি শোৱাপাটিৰ পৰা উঠাই আনে আৰু প্ৰথমে বাক-বিতণ্ডাত লিপ্ত হয় আৰু পাপুক উপৰ্যুপৰি মৰিয়াবলৈ ধৰে। আৰক্ষী দলটোৰ মাৰপিটত পাপু গুৰুতৰভাৱে আহত হয়। ইয়াৰ পিছতে প্ৰকৃত জিতেন ৰুহিদাসক পোৱাত আৰক্ষীয়ে তেওঁকো মাৰপিট কৰি থানালৈ লৈ যায়। আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পাপুক থানালৈ লৈ যাবলৈ সোমবাৰে পুৱা এখন গাড়ীত অসামৰিক পোচাকত পুনৰ এটি আৰক্ষীৰ দল তৰাজান সন্মিলনলৈ যায়। আৰক্ষীৰ দলটোৱে পাপুক লৈ যাবলৈ বিচাৰে যদিও একাংশ স্থানীয় ৰাইজে বাধা দিয়াত আৰক্ষীৰ দলটোৱে পাপুক এৰি যাব লগা হয়।
এই ঘটনা সন্দৰ্ভত যোৰহাটৰ আৰক্ষী অধীক্ষকসহ উচ্চপদস্থ আৰক্ষী বিষয়াসকলক অৱগত কৰাৰ পিছতে পুলিবৰ আৰক্ষীৰ দলটোৰ এই কাণ্ডত হতচকিত হৈ পৰে শীৰ্ষ আৰক্ষী বিষয়াসকল। এই অনাকাংক্ষিত ঘটনাৰ বাবে তৰাজান সন্মিলনৰ সমূহ ৰাইজৰ ওচৰত দুখ প্ৰকাশ কৰাৰ লগতে ঘটনাৰে জড়িত আৰক্ষী দলটোৰ ওপৰত তাৎক্ষণিকভাৱে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে যোৰহাটৰ আৰক্ষী অধীক্ষকে। ইতিমধ্যে, এই ঘটনাৰ তদন্তৰ বাবে এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকক দায়িত্ব দিয়া হৈছে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 15, 2023, 11:57 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।