ইয়াৰ পিছতেই চহৰখনৰ ভিন্ন প্ৰান্তত ইজনে সিজনক হোলীৰ ৰঙেৰে উপচাই হোলী উদযাপন কৰা পৰিলক্ষিত হয়।
নানা ৰঙেৰে ৰঙীন হৈ পৰে যোৰহাট চহৰ। পুৰুষ, মহিলা, কণ কণ শিশু সমন্বিতে সকলো আত্মহাৰা হৈ পৰে গীতৰ তালে তালে । মাৰোৱাৰী সমাজৰ লোকসকলে নিজা সম্প্ৰদায়ৰ লোকগীত গাই, নৃত্য পৰিৱেশন কৰি এক ৰেলী বাহিৰ কৰে।
সমাজৰ পৰা অসূয়া আঁতৰাই তেওঁলোকৰ মাজত শান্তি, সম্প্ৰীতিৰ সোঁত বোৱাবৰ বাবে একেলগে এই উৎসৱ পালন কৰে। অনাগত সময়ত মানুহৰ মাজৰ পৰা হিংসা-বিদ্বেষ আঁতৰ কৰি এক সুস্থ, সবল সমাজৰ বাবে একগোট হোৱাৰ আশা কৰে সকলোৱে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 07, 2023, 15:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।