মুখ্যপৃষ্ঠা »খবৰ »Jorhat »Jorhat News: এটা হাতীক লৈ মহা সমস্যাত যোৰহাট বন বিভাগ

Jorhat News: এটা হাতীক লৈ মহা সমস্যাত যোৰহাট বন বিভাগ

এটা হাতীৰ পাঁচজন গৰাকী, বিপাঙত বন বিভাগ

এটা হাতীৰ পাঁচজন গৰাকী, বিপাঙত বন বিভাগ

হাতীটো নাগালেণ্ডৰ পৰা লৈ অনা অৰুণ দত্ত নামৰ ব্যক্তিজনৰ তত্বাবধানত বন বিভাগে যোৰহাট বাইপাছৰ সমীপত ৰখাৰ ব্যৱস্থা কৰিছিল। কিন্তু শুক্ৰবাৰে নিশা হাতীৰখীয়া অৰুণে বন বিভাগৰ অজ্ঞাতে হাতীটো লৈ উধাও হয়। 

  • Share this:

যোৰহাট, ৪ মাৰ্চ: এটা হাতীয়ে এতিয়া বিবুদ্ধিত পেলাইছে যোৰহাট বন বিভাগক। ঘটনাৰ স্থান যোৰহাট। দীৰ্ঘদিন নাগালেণ্ডত কামৰ বাবে থকা এটা হাতী নাগালেণ্ডৰ পৰা পলুৱাই অনাৰ পাছত হাতীটোৰ মালিকীস্বত্বক লৈ সৃষ্টি হোৱা বিবাদৰ বাবে যোৰহাটৰ এজন যুৱক যাব লগা হৈছিল ৰঙাঘৰলৈ।


কিন্তু এই ঘটনা সিমানতে শেষ নহ'ল। হাতীটো নিজৰ বুলি দাবী কৰা লোক ওলাল অন্য পাঁচজন। ফলত বিপাঙত পৰিল বন বিভাগ।


সেয়ে হাতীটো নাগালেণ্ডৰ পৰা লৈ অনা অৰুণ দত্ত নামৰ ব্যক্তিজনৰ তত্বাবধানত বন বিভাগে যোৰহাট বাইপাছৰ সমীপত ৰখাৰ ব্যৱস্থা কৰিছিল। কিন্তু শুক্ৰবাৰে নিশা হাতীৰখীয়া অৰুণে বন বিভাগৰ অজ্ঞাতে হাতীটো লৈ উধাও হয়।


ঘটনাৰ বিষয়ে গম পাই বন বিভাগত লাগিল হুৱাদুৱা। গোটেই নিশা হাতীৰ সন্ধানত বন বিভাগে অভিযান চলাই যদিও কোনো সম্ভেদ নাপালে। অৱশ্যে শনিবাৰে দুপৰীয়া বন বিভাগে টীয়কৰ বনাইত উদ্ধাৰ কৰিবলৈ সক্ষম হয় হাতীটো।


পুনৰ হাতীটো যোৰহাটলৈ ঘুৰাই আনে বন বিভাগে। বন বিভাগৰ লোকে হাতীটোৰ প্ৰকৃত গৰাকী কোন সেয়া তদন্ত অব্যাহত ৰাখিছে।

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি