সমগ্ৰ দেশ এতিয়া IPL জ্বৰত আক্ৰান্ত ৷ ধোনি, ৰোহিত, হাৰ্ডিক, সূৰ্যকুমাৰ আদিৰ দুৰ্দান্ত বেটিঙৰ যাদুত মোহাচ্ছন্ন প্ৰতিজন ক্ৰিকেটপ্ৰেমী। স্বচক্ষে এখন IPL খেল উপভোগ কৰাৰ মজাই সুকীয়া। চলিত IPLৰ মাজতে যোৰহাটবাসীলৈ আহিল এক ভাল খবৰ। এইবাৰ যোৰহাটবাসীয়ে IPLৰ উন্মাদনা অনুভৱ কৰিব পাৰিব যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত।
BCCI ৰ উদ্যোগত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত স্থাপন হ'ব IPL ফেনপার্ক। চলিত IPLৰ চূড়ান্ত খেলখন পোনপটীয়াকৈ প্ৰদৰ্শন কৰা হ'ব বিশাল স্ক্ৰীনত। এই ফেনপার্ক স্থাপনৰ সুযোগ লাভ কৰা দেশৰ ৪৫ খন চহৰৰ ভিতৰত অন্যতম হ'ল যোৰহাট। দৰ্শকক প্ৰকৃত ষ্টেডিয়ামৰ দৰেই অনুভৱ প্ৰদানৰ ব্যৱস্থা কৰা হয় এই ফেনপার্কসমূহত।
২৮ মে'ত চূড়ান্ত খেলত যোৰহাট জিলা সন্থাৰ খেলপথাৰত অৱস্থিত এই ফেনপার্কত আপুনি ভাগ্যৰ বলত লাভ কৰিব পাৰে আপোনাৰ প্ৰিয় খেলুৱৈৰ চহী সম্বলিত জাৰ্চি। গতিকে IPLৰ ফাইনেল চাবলৈ আৰু প্ৰিয় খেলুৱৈৰ চহী সম্বলিত জাৰ্চি লাভ কৰিবলৈ আহক যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ IPL ফেনপার্কলৈ।
Published by: Gautam Barman
FIRST PUBLISHED : May 26, 2023, 20:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।