চিকিৎসকে জন্ম হওঁতেই মৃত্যু হ'ব বুলি ঘোষণা কৰা টীয়কৰ প্ৰবাল সুখ্যাতিৰে উত্তীৰ্ণ হ'ল সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত। পিতৃ ফণীন্দ্ৰ শইকীয়া আৰু মাতৃ ৰিজু শইকীয়াৰ আপ্ৰাণ চেষ্টাত মৃত্যুমুখৰ পৰা ঘূৰি আহিছিল পুত্ৰ প্ৰবাল। একোলা দোকোলাকৈ বাঢ়ি আজি সি ডাঙৰ হ'ল আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত সমাজতত্ত্ব বিভাগত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল।
সন্তানৰ এনে সফলতাত আনন্দৰ চকুলো নিগৰিছে পিতৃ-মাতৃৰ চকুৰ পৰা। অত্যন্ত আৰ্থিক দৈন্যৰ মাজত তুলি–টালি ডাঙৰ কৰা ল'ৰাটোৰ সাফল্যত আজি গৌৰৱান্বিত পিতৃ-মাতৃ। মনত ভৱিষ্যতে এজন অভিযন্তা হোৱাৰ সপোন পুহি ৰাখিছে দৃঢ়মনা প্ৰবাল শইকীয়াই। শাৰীৰিক প্ৰতিবন্ধকতা তথা অসুস্থতাৰ মাজতো পঢ়াৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহৰ বাবে দৈনিক চাৰি পাঁচ ঘণ্টা পৰ্যন্ত অধ্যয়ন কৰিছিল প্ৰবালে।
এতিয়া আশানুৰূপ ফল লাভ কৰাত পৰৱৰ্তী পৰীক্ষাসমূহত আৰু অধিক ভাল ফলাফল দেখুৱাবলৈ বদ্ধপৰিকৰ উদ্যমী প্ৰবাল। তাক আগবাঢ়ি যাবলৈ মাথোঁ এতিয়া প্ৰয়োজন ৰাইজৰ একাঁজলি আশীৰ্বাদৰ।
Published by: Gautam Barman
FIRST PUBLISHED : May 24, 2023, 18:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।