যি সময়ত সবল নেতৃত্ব, সুশৃংখলতা আৰু সংগঠকৰ অভাৱত অসমত বহু আত্মসহায়ক গোট অকালতে মৰহি গ'ল, সেই সময়তে যোৰহাটৰ চাৰিগাঁও হুকিমৰা গাঁৱৰ শাৰদী আত্মসহায়ক গোটে দেখুৱাইছে ব্যতিক্ৰমী নিদৰ্শন।
কেৱল আত্মসংস্থাপন আৰু অৰ্থনৈতিক উন্নয়নতেই সীমাবদ্ধ নাথাকি গাঁওখনৰ শৈক্ষিক, সাংস্কৃতিক, সামাজিক উত্তৰণৰ ক্ষেত্ৰতো বলিষ্ঠ ভূমিকা পালন কৰাৰ উদ্দেশ্যেৰে গাঁওখনৰ প্ৰায় ২০ গৰাকী উদ্যমী মহিলাৰে গঠিত শাৰদী আত্মসহায়ক গোটে ২১ মে'ত প্রভাতী ক্লাৱ ৰঙ্গমঞ্চত জিলা ভিত্তিত আয়োজন কৰিলে এক সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা।
মৌ শাখা,নিম্ন শাখা আৰু উচ্চ শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে প্ৰায় ১০০ গৰাকী প্ৰতিযোগীয়ে। মহিলাসকলে কেৱল নিজা উদ্যোগত অনুষ্ঠিত কৰা সুশৃংখলিত প্ৰতিযোগিতাখনৰ সকলো দিশকেই ভূয়সী প্ৰশংসা কৰে প্ৰতিযোগীসকলৰ অভিভাৱকসকল তথা স্থানীয় ৰাইজে।
উল্লেখ্য, অঞ্চলটোত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল এনেধৰণৰ ব্যতিক্ৰমী নৃত্য প্ৰতিযোগিতা, যাৰ বাবে স্থানীয় বহু কণ কণ ল'ৰা-ছোৱালীয়ে নিজৰ প্ৰতিভা বিকাশৰ এখন মঞ্চ লাভ কৰিলে।
সকলোৰে ভাষ্য, এনেধৰণৰ অনুষ্ঠানে অঞ্চলটোৰ সাংস্কৃতিক উত্তৰণৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আৰু লগতে অৰ্থনৈতিক আন্দোলনৰ সমান্তৰালভাৱে সাংস্কৃতিক আন্দোলনতো বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব।
Published by: Gautam Barman
FIRST PUBLISHED : May 22, 2023, 13:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।