মুখ্যপৃষ্ঠা »খবৰ »Jorhat »Jorhat News: অসমৰ বাঁহ-বেতৰ সামগ্ৰীৰে বিদেশত খলকনি তুলিছে এজন অসমীয়াই

Jorhat News: অসমৰ বাঁহ-বেতৰ সামগ্ৰীৰে বিদেশত খলকনি তুলিছে এজন অসমীয়াই

ৰাজ্যৰ বহুলোকে পৰীক্ষিত বৰকটকীৰ হাতৰ কামসমূহ পৰিদৰ্শন কৰাৰ লগতে বাঁহৰ উদ্যোগটোক আগবঢ়াই নিবলৈ যথেষ্ট উৎসাহিত কৰিছে ।

এজন অসমীয়াই বাঁহেৰে নিৰ্মিত সামগ্ৰীক লৈ আৰম্ভ কৰা এই প্ৰচেষ্টা সঁচাকৈ শলাগৰ যোগ্য । অদম্য হেপাঁহ আৰু আত্মবিশ্বাসেৰে পৰীক্ষিত বৰকটকী নামৰ এইজন লোকে দিল্লীৰ পৰা উভতি আহি অসমৰ ভূমিত আৰম্ভ কৰিলে বাঁহ-বেতৰ এটা উদ্যোগ ৷ 

  • Share this:
যোৰহাট, ১৪ মাৰ্চ: অসমৰ বাঁহ শিল্পৰে বিদেশত খলকনিৰ সৃষ্টি কৰা এজন অসমীয়াই । বাঁহেৰে নিৰ্মিত সামগ্ৰীৰে তেওঁ দখল কৰিছে এখন আন্তঃৰাষ্ট্ৰীয় বজাৰ ।

এজন অসমীয়াই বাঁহেৰে নিৰ্মিত সামগ্ৰীক লৈ আৰম্ভ কৰা এই প্ৰচেষ্টা সঁচাকৈ শলাগৰ যোগ্য । অদম্য হেপাঁহ আৰু আত্মবিশ্বাসেৰে পৰীক্ষিত বৰকটকী নামৰ এইজন লোকে দিল্লীৰ পৰা উভতি আহি অসমৰ ভূমিত আৰম্ভ কৰিলে বাঁহ-বেতৰ এটা উদ্যোগ ৷

নাম দিলে- ক্ৰাফটিন হ'ম ডেকৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড । সম্প্ৰতি এই উদ্যোগটোত নিখুঁতভাবে তৈয়াৰী প্ৰতিবিধ সামগ্ৰীয়েই ৰাজ্যৰ লগতে বহিঃৰাজ্যতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

ৰাজ্যৰ বহুলোকে পৰীক্ষিত বৰকটকীৰ হাতৰ কামসমূহ পৰিদৰ্শন কৰাৰ লগতে বাঁহৰ উদ্যোগটোক আগবঢ়াই নিবলৈ যথেষ্ট উৎসাহিত কৰিছে ।

বৰ্তমান ৩৫ জনৰো অধিক লোক জড়িত এই উদ্যোগটোৱে অসমৰ আৰ্থ সামাজিক দিশটোও বহু পৰিমাণে টনকিয়াল কৰিছে ।

নেডফিৰ লগতে ৰেইন ফৰেষ্ট ইনষ্টিটিউট, অসম কৃষি বিশ্ববিদ্যালয়ৰ নিটি হাব আদি বিভিন্ন প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থলুৱা ব্যৱসায়টোক কিদৰে বিকাশ কৰিব পাৰি সেই সম্পৰ্কেও প্ৰশিক্ষণ দিছে বিশিষ্ট ব্যৱসায়ীজনে । শ্ৰেষ্ঠ থলুৱা ব্যৱসায়ী ৰূপে সন্মানিত ব্যক্তিজনে নৱপ্ৰজন্মক দিছে বহুতো গঠনমূলক দিহা পৰামৰ্শ ।

শেহতীয়া বাতৰি