মুখ্যপৃষ্ঠা »খবৰ »Jorhat »HSLC Results 2023: বানবিধ্বস্ত কাকজান কমাৰখাটোৱাল গাঁৱৰ পৰা উজলিল আকাশদ্বীপ

HSLC Results 2023: বানবিধ্বস্ত কাকজান কমাৰখাটোৱাল গাঁৱৰ পৰা উজলিল আকাশদ্বীপ

Komar Khatowal village

Komar Khatowal village

আৰ্থিক অন্তৰায় যে প্ৰতিভা বিকাশৰ অন্তৰায় হব নোৱাৰে সেয়া প্ৰতিপন্ন কৰিলে কাকজান কমাৰখাটোৱাল গাঁৱৰ আকাশদ্বীপ দত্তই । 

  • Share this:
যোৰহাট, ২২ মে': আৰ্থিক অন্তৰায় যে প্ৰতিভা বিকাশৰ অন্তৰায় হব নোৱাৰে সেয়া প্ৰতিপন্ন কৰিলে কাকজান কমাৰখাটোৱাল গাঁৱৰ আকাশদ্বীপ দত্তই । টীয়ক সমষ্টিৰ অন্তৰ্গত কাকজান কমাৰখাটোৱাল গাঁৱৰ বানবিধ্বস্ত এলেকাত অৱস্থিত জৱাহৰলাল নেহৰু হাইস্কুলৰ পৰা আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫% শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ।

দিন হাজিৰা কৰা দেউতাক উত্তম দত্ত তথা মাতৃ জুলি দত্তই অতি কষ্টৰে পৰিয়াল পোহপাল দিয়াৰ লগতে সন্তানৰ পঢ়া শুনাৰ বাবে যাৱতীয় কিতাপ পত্ৰ যোগাৰ কৰিছিল ।

কোনো ধৰনৰ টিউচন নোলোৱাকৈ নিয়মীয়াকৈ পঢ়াৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে আকাশদ্বীপৰ পঢ়া শুনা চোৱাচিতা কৰিছিল। বৰ্তমান আকাশদ্বীপে কাকজান মহাবিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে ভৱিষ্যতে এজন অধ্যাপক হোৱাৰ হেপাঁহ পুহি ৰাখিছে ।

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি