মুখ্যপৃষ্ঠা »খবৰ »Jorhat »Gamocha : গামোচাই ভৌগোলিক সূচাংক লাভ কৰাৰ আঁঁৰৰ মানুহগৰাকীক জানেনে ?

Gamocha : গামোচাই ভৌগোলিক সূচাংক লাভ কৰাৰ আঁঁৰৰ মানুহগৰাকীক জানেনে ?

X
গামোচাই //

গামোচাই কিদৰে আৰু কি ভিত্তিত লাভ কৰিলে ভৌগোলিক সূচাংক !

ড° বুলবুল বৰুৱাই অসমীয়াৰ হেপাঁহৰ গামোচাখনিক বিশ্বৰ বুকুলৈ লৈ যোৱাত যিমানখিনি কাৰিকৰী দিশত একনিষ্ঠভাৱে কাম কৰিলে সেয়া সচাঁকৈয়ে প্ৰশংসনীয় । মহাপুৰুষজনাৰ সময়ৰে পৰা আজিলৈকে গামোচাৰ সকলো তথ্য G.I Registry ক দাখিল কৰোতে যথেষ্ট এটা দীঘলীয়া পৰিক্ৰমা পাৰ কৰিব লগা হৈছে ড° বুলবুল বৰুৱাই । 

  • Share this:
শিল্পীকা হাজৰিকা, যোৰহাট: অসমীয়াৰ জাতীয় স্বাভিমান গামোচাই ইতিমধ্যে ভৌগোলিক সূচাংক অৰ্থাৎ Geographical Indications লাভ কৰি বিশ্বদৰবাৰত জিলিকি পৰিছে। কিন্তু এই জাতীয় সাফল্যৰ আঁৰত জড়িত ব্যক্তিগৰাকীক আপুনি জানেনে ? এয়া ড° বুলবুল বৰুৱা।

ড° বুলবুল বৰুৱাই অসমীয়াৰ হেঁপাহৰ গামোচাখনিক বিশ্বৰ বুকুলৈ লৈ যোৱাত যিমানখিনি কাৰিকৰী দিশত একনিষ্ঠভাৱে কাম কৰিলে সেয়া সঁচাকৈয়ে প্ৰশংসনীয়। মহাপুৰুষজনাৰ সময়ৰে পৰা আজিলৈকে গামোচাৰ সকলো তথ্য G.I Registry ক দাখিল কৰোঁতে যথেষ্ট এটা দীঘলীয়া পৰিক্ৰমা পাৰ কৰিব লগা হৈছে ড° বুলবুল বৰুৱাই।

কিন্তু শেষত তেওঁৰ কৰ্মই যি সফলতা কঢ়িয়াই আনিলে সেয়া আজি সমগ্ৰ অসমীয়া জাতিৰ বাবে এক গৌৰৱৰ বিষয়। এইবিধ জাতীয় সম্পদে বিশ্বত স্বীকৃতি লাভ কৰি ভৌগোলিক সূচাংক লাভ কৰাত সকলো অসমীয়া আনন্দত আত্মহাৰা হৈছে। এইক্ষেত্ৰত জড়িত এইগৰাকী বিশেষ নাৰীৰ সবল ভূমিকাক সকলোৱে উষ্ম আদৰণি জনাইছে।

আজিকালি বজাৰত ওলোৱা মেচিনৰ গামোচা আৰু আয়ে বৈ দিয়া ফুলাম গামোচা দেখাত একে যেন লাগিলেও প্ৰকৃত গামোচাখনৰ বিষয়ে শুদ্ধ ৰূপত জনাতো আমাৰ কৰ্তব্য। নাৰী শক্তিৰ প্ৰতীক, নাৰী সমাজৰ গৌৰৱৰ প্ৰতীক হৈ পৰা ড° বুলবুল বৰুৱাৰ এই মহৎ কৰ্মই তেওঁক সমগ্ৰ অসমীয়া জাতিটোৰ আগত প্ৰতিষ্ঠা কৰিলে । অন্যহাতে এগৰাকী নাৰীৰ সমাজখনলৈ, নিজৰ জাতিটোলৈ কি দায়িত্ব বা অৱদান থাকে সেয়াও যেন প্ৰতিফলিত কৰিলে।

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি