মুখ্যপৃষ্ঠা »খবৰ »Jorhat »Jorhat News: 'অনামী'ৰ ২০ টকীয়া দোচা : প্ৰতি সন্ধিয়া মৰিয়নিৰ ৰে'লৱে ষ্টেচনলৈ নাযায় কোন !

Jorhat News: 'অনামী'ৰ ২০ টকীয়া দোচা : প্ৰতি সন্ধিয়া মৰিয়নিৰ ৰে'লৱে ষ্টেচনলৈ নাযায় কোন !

Dosa shop in Mariani Rail Station

Dosa shop in Mariani Rail Station

সন্ধিয়া সময়ত এই ষ্টেচনত দোচাৰ সোৱাদ ল'বলৈ অহা লোকসকলৰ ভিৰ দেখিলে আপুনি আচৰিত হ'ব । তাতকৈও আচৰিত কথাটো হ'ল যে, এই ভিৰৰ মাজৰ আধা সংখ‍্যকৰো অধিক লোক এই ষ্টেচনলৈ ৰে'ল যাত্ৰাৰ বাবে নহয়, বৰং দোচাৰ সোৱাদ ল'বলৈকে বাটকুৰি বাই আহে । 

  • Share this:
শিল্পীকা হাজৰীকা, যোৰহাট: আপুনি যদি মৰিয়নি ৰে'ল ষ্টেচনত এভূমুকি মাৰিছে, তেন্তে নিশ্চয় আপুনি এই ষ্টেচনত দোচা খোৱা লোকসকলৰ ভিৰ প্ৰত‍্যক্ষ কৰিছে ।

আচলতে, যোৰহাটৰ চুকে-কোণে যদিও দোচাৰ লগতে অন‍্য পশ্চিম ভাৰতীয় খাদ‍্যসম্ভাৰ উপলব্ধ হয়, তথাপিও কোনো ধৰণৰ ৰে'ল যাত্ৰাৰ পৰিকল্পনা নাথাকিলেও মৰিয়নিৰ দাতিকাষৰীয়া ঠাইৰ লোকসকলে মাত্ৰ ২০ টকাৰ এই দোচাৰ সোৱাদ ল'বলৈকে ইয়ালৈ আহে ।

সন্ধিয়া সময়ত এই ষ্টেচনত দোচাৰ সোৱাদ ল'বলৈ অহা লোকসকলৰ ভিৰ দেখিলে আপুনি আচৰিত হ'ব । তাতকৈও আচৰিত কথাটো হ'ল যে, এই ভিৰৰ মাজৰ আধা সংখ‍্যকৰো অধিক লোক এই ষ্টেচনলৈ ৰে'ল যাত্ৰাৰ বাবে নহয়, বৰং দোচাৰ সোৱাদ ল'বলৈকে বাটকুৰি বাই আহে ।

মাত্ৰ ২০ টকাত দোচা উপলব্ধ হোৱা এই হোটেলত সোৱাদ ল'ব পাৰি ইদলী, বৰা আদি ভিন্ন পশ্চিম ভাৰতীয় খাদ‍্য সম্ভাৰৰ । লগতে দোচাৰ লগত সোণত সুৱগা চৰোৱা চাম্বৰৰ সোৱাদো অনন‍্য ।

মৰিয়নি ষ্টেচনৰ দাঁতিতেই থকা এই হোটেলৰ দৈনন্দিন বিক্ৰী আৰু গ্ৰাহকৰ সংখ‍্যা আঙুলিৰ মূৰত গণিব নোৱাৰা । তথাপি হোটেলখনৰ কোনো নিজা নাম ৰখা নাই মালিকপক্ষই‌ । অনামী এখন দোকান ৷ আপুনিও যদি মৰিয়নিলৈ আহে, তেন্তে এই ২০ টকীয়া দোচাৰ সোৱাদ ল'বলৈ নাপাহৰিব ।

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি