নৱপ্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে যোৰহাটৰ লহপহিয়া খেলপথাৰত ১১৯ নং বেটেলিয়ান CRPF ৰ সৌজন্যত আয়োজন কৰা হয় এই প্ৰীতি ফুটবল টুৰ্নামেন্টখন ।
উল্লেখযোগ্য যে বয়সৰ কোনো সীমা নথকা এই প্ৰীতি ফুটবল খেলখন যোৰহাট ষ্টেডিয়ামত সামৰনি পৰিব অহা ৫ মাৰ্চত । সকলো বয়সৰ লোকেই অংশগ্ৰহণ কৰিব পাৰিব এই টুৰ্ণামেন্টত ।
আনহাতে পৰৱৰ্তী সময়ত ক্ৰিকেট টুৰ্ণামেন্ট অনুষ্ঠিত কৰাৰ লগতে মেডিকেল কেম্প অনুষ্ঠিত কৰা হ'ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে চি আৰ পি এফৰ কামাণ্ডেন্টে । লগতে বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰতো এটা বৰ্ষৰ ভিতৰত উন্নয়নমূলক কাম-কাজৰ বিষয়েও তেওঁ অৱগত কৰে ।
আনহাতে স্থানীয় অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ অনাগত ভৱিষ্যতৰ বাবেও তেওঁলোক যথেষ্ট আশাবাদী । এই অনুষ্ঠানত কণ-কণ শিশুসকলে গীত-নৃত্য পৰিৱেশন কৰে ।
চি আৰ পি এফৰ লোকসকলেও এই অনুষ্ঠানত গীত পৰিৱেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে । বেটেলিয়ান ৰমেশ ইংলেই সুধাকণ্ঠ ভূপেন হাজৰিকাৰ চিৰসেউজ গীত পৰিৱেশন কৰে এই অনুষ্ঠানটিত ।
Published by: Subham Goswami
FIRST PUBLISHED : February 26, 2023, 20:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।