যোৰহাটৰ এখন গাঁৱত গুলীৰ বৰষুণ! যোৰহাটৰ এই গাঁওখনত দীৰ্ঘদিন ধৰি আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰি আছে সঘন গুলীচালনাৰ ফলত। গুলীচালনাৰ বাবে গাঁওখনৰ শিশুসকল ঘৰৰ বাহিৰলৈ ওলাবলৈ ভয় কৰে। বাসগৃহসমূহৰো বিস্তৰ ক্ষতি হোৱাত অসহায় হৈ পৰিছে গাঁওবাসী।
গুলীচালনাৰ ঘটনাই আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰি অহা যোৰহাটৰ এই গাঁওখন হৈছে পকীমূৰি হাবিগাঁৱৰ নতুন গাঁও। গাঁওখনৰ বাসগৃহসমূহৰ টিঙৰ চালিসমূহ ফুটাই পেলাইছে বন্দুকৰ পৰা ওলাই অহা গুলীয়ে। ঘৰৰ ভিতৰে-বাহিৰে ব্যৱহৃত গুলী উদ্ধাৰ হোৱাটো এক সাধাৰণ ঘটনা গাঁওখনত। গাঁওখনৰ সমীপতে থকা ভাৰতীয় বায়ুসেনা বাহিনীৰ ফায়াৰিং ৰেঞ্জত গুলীচালনাৰ অনুশীলনৰ সময়ত সীমা পাৰ হৈ ওলাই অহা বন্দুকৰ গুলীৰ ফলতে বিগত দুবছৰৰ পৰা দুৰ্ভোগ ভুগি আহিছে গাঁওবাসীয়ে। ফায়াৰিং ৰেঞ্জৰ পৰা ওলাই অহা গুলীয়ে এজন যুৱকক আহতও কৰিছে।
বায়ুসেনা বাহিনীৰ কৰ্তৃপক্ষক বিষয়টো পূৰ্বে অৱগত কৰিছিল গাঁওবাসীয়ে। তাৰ পিছত কিছুদিনলৈ বন্ধ আছিল অনুশীলন। কিন্তু শেহতীয়াকৈ পুনৰ গুলীচালনাৰ অনুশীলন আৰম্ভ হোৱাত গাঁওখনত পুনৰ আতংকৰ সৃষ্টি হৈছে। আৰ্থিকভাৱে দুৰ্বল লোকসকলৰ বাবে গুলীয়ে নষ্ট কৰা বাসগৃহৰ টিনপাতসমূহ সলনি কৰাটো সম্ভৱ নহয় বুলি জানিবলৈ দিছে গাঁওবাসীয়ে। আনহাতে গুলীচালনাৰ ফলত কেইবাটাও শিশু আঘাতপ্ৰাপ্ত হোৱাৰ পৰা দৈৱক্ৰমেহে ৰক্ষা পৰে বুলি জানিবলৈ দিছে গাঁওবাসীয়ে।
"আমাৰ ঘৰৰ চালি ফুটাই পেলাইছে গুলীয়ে। এজন যুৱকৰ পিঠিত গুলীয়ে আঘাত কৰিছে কিছুদিন পূৰ্বে। এটা গুলী উফৰি আহি আমাৰ ঘৰৰ এটি শিশুক আঘাত হনাৰ পৰা দৈৱক্ৰমে ৰক্ষা পৰিছে। ঘৰৰ টিনপাতসমূহ ফুটা হৈ যোৱাত আমাৰ বহু অসুবিধা হৈছে।" -এগৰাকী ভুক্তভোগী মহিলাই এনেদৰে কয়।
এইক্ষেত্ৰত গাঁওবাসীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে বাসগৃহসমূহ ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰিবলৈ যোৰহাট জিলা প্ৰশাসন তথা আৰক্ষীক আহ্বান জনাইছে ৰাইজে। ডাঙৰ দুৰ্ঘটনা হোৱাৰ পূৰ্বে বায়ুসেনা বাহিনীৰ এই ফায়াৰিং ৰেঞ্জৰ পৰা গাঁওবাসীক সুৰক্ষা দিয়াটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে।
Published by: Gautam Barman
FIRST PUBLISHED : March 23, 2023, 18:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।