বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ নিষ্ক্ৰিয়তা,পঞ্চায়ত প্ৰতিনিধিসকলৰ অমনোযোগিতা আৰু একাংশ চৰকাৰী বিষয়াৰ হেমাহিৰ ফল ভোগ কৰিছে টীয়ক সমষ্টিৰ অন্তৰ্গত ৰাজৈ বাদুলিপুখুৰী গাঁও পঞ্চায়তৰ দৰিদ্ৰ ৰাইজে ।
জৰাজীৰ্ণ ঘৰত বাস কৰা বহু দৰিদ্ৰই আজি পৰ্যন্ত লাভ নকৰিলে চৰকাৰী ঘৰ । আনহাতে যিসকলে পাইছে, সেইসকলৰ ঘৰসমূহো পঞ্চায়তৰ এজন কৰ্মচাৰীয়ে নিম্ন মানৰ সামগ্ৰীৰে নিৰ্মান কৰাৰ অভিযোগ উত্থাপন হৈছে ।
আনকি বহু পৰিয়ালৰ গৃহ নিৰ্মাণৰ ধন একাউণ্টৰ পৰা মোকোলাই নিয়াৰ পাছতো ছয়-সাত মাহে নিৰ্মাণ নকৰাৰ অভিযোগ উত্থাপন হৈছে । লক্ষণীয় যে পঞ্চায়তখনৰ কৰ্মচাৰীজনৰ এনে দুৰ্নীতিৰ পাচতো ৰহস্যজনকভাৱে মৌন হৈ আছে পঞ্চায়ত সভাপতিকে ধৰি আন আন বিষয়াসকল ।
Published by: Subham Goswami
FIRST PUBLISHED : March 19, 2023, 02:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।