যোৰহাটৰ একাংশ চৰকাৰী বিভাগৰ মাজৰ সমন্বয়হীনতা আৰু পৌৰসভা কৰ্তৃপক্ষৰ অকৰ্মন্যতাৰ ফল ভোগ কৰিবলগা হৈছে যোৰহাট নগৰৰ এক বৃহৎ অঞ্চলৰ ৰাইজে। নগৰৰ জে’ল ৰোড অঞ্চলত বিগত এসপ্তাহ ধৰি পানী যোগান ব্যাহত হৈ থকাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। বৃহৎ অঞ্চলটোত বিগত এসপ্তাহ ধৰি পানীৰ যোগান বন্ধ হৈ থকাত প্ৰাত্যহিক জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে বহু পৰিয়ালত। পানীৰ অভাৱত নিজৰ ঘৰৰ এৰি আন ঠাইত থাকিবলগীয়া হৈছে ভুক্তভোগী লোক। অঞ্চলটোৰ দোকানসমূহত শেষ হৈ পৰিছে ২০ লিটাৰৰ পানীৰ বটল। পুৱা গা ধোৱাৰ বাবে অন্য স্থানলৈ যাব লগা হৈছে অঞ্চলটোৰ বহু লোক। দৈনিক কেইবা শ টকা ব্যয় কৰি পানী ক্ৰয় কৰিব লগা হৈছে বহু পৰিয়ালে।
দৰাচলতে যোৰহাটৰ চৰকাৰী বিভাগসমূহৰ সমন্বয়হীনতা তথা একাংশ বিষয়া-কৰ্মচাৰীৰ অকৰ্মন্যতাৰ পুতৌজনক ছবিখন পুনৰ এবাৰ উদঙাই দিছে এই ঘটনাই। যোৰহাট পৌৰসভাৰ একাংশ বিষয়াৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবেই নগৰৰ জে’ল ৰোডৰ বৃহৎ অঞ্চলটোত যোৱা এসপ্তাহ ধৰি পানী যোগান বন্ধ হৈ পৰে।
জেএমচিএইচৰ সন্মুখত নিৰ্মীয়মান উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম চলি থাকোতে সোণাৰি গাঁও আৰ্বান পানী যোগান আঁচনিখনৰ পৰা জে’ল ৰোডলৈ পানী পৰিবহণ কৰা পাইপডাল ভাঙি যায়। ফলত এই পাইপেৰে অঞ্চলটোলৈ পানী যোগান বন্ধ হৈ পৰে। লোকনিৰ্মাণ বিভাগ তথা নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে উক্ত নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ পূৰ্বে বাৰম্বাৰ এই সন্দৰ্ভত যাৱতীয় পদক্ষেপ ল’বলৈ পৌৰসভা কৰ্তৃপক্ষক অৱগত কৰিছিল বুলি জানিবলৈ দিছে। কিন্তু পৌৰসভা কৰ্তৃপক্ষই বিষয়টোত বিশেষ কোনো গুৰুত্ব প্ৰদান নকৰাত এই ঘটনা সংঘটিত হয়। আৰু বিগত এসপ্তাহত ধৰি অঞ্চলটোলৈ পানী যোগান বন্ধ হৈ পৰে।
কিন্তু ইমানৰ পিছতো যোৰহাট পৌৰসভা কৰ্তৃপক্ষৰ মতে এয়া হ’ল এক হঠাতে হোৱা দুৰ্ঘটনা! পৌৰসভা কৰ্তৃপক্ষৰ মতে, মেৰামতি কৰিবৰ বাবে যাৱতীয় পাইপ আৰু আন সামগ্ৰীসমূহ নথকা বাবে ছদিনৰ পিছতহে পাইপসমূহ মেৰামতিৰ কাম আৰম্ভ কৰিব পৰা গৈছে।
আনহাতে, লোকনিৰ্মাণ বিভাগ বা নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে পৌৰসভা কৰ্তৃপক্ষক এই ঠাইত উৰণীয়া সেঁতুৰ নিৰ্মাণৰ বাবে পাইলিং কৰা হ’ব বুলি জনোৱা নাছিল বুলি জানিবলৈ দিছে যোৰহাট পৌৰসভাৰ পৌৰপতিগৰাকীয়ে। আনহাতে উপ পৌৰপতিগৰাকীৰ মতে এয়া হঠাতে হোৱা এক দুৰ্ঘটনা। কিন্তু ইয়াৰ বিপৰীতে লোকনিৰ্মাণ বিভাগ আৰু উৰণীয়া সেঁতু নিৰ্মাণৰ সৈতে জড়িত ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিষয়াই জানিবলৈ দিয়া মতে, এই সন্দৰ্ভত বহু পূৰ্বেই পৌৰসভাকে ধৰি কেইবাটাও বিভাগক অৱগত কৰা হৈছিল আৰু এই পানী পৰিবাহী পাইপৰ বুজ ল’বলৈ পৌৰসভাৰ অভিযন্তাও নিৰ্মাণ স্থলীলৈ আহিছিল।
এনেদৰেই যোৰহাট নগৰবাসীক লৈ হেতালি খেলি আছে কেৱল ৰাজনীতিকৰ তোষামোদত ব্যস্ত থকা একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে। এনে একাংশ বিষয়া-কৰ্মচাৰীৰ বাবেই যোৰহাট নগৰখন এখন অতি বিশৃংখল নগৰলৈ পৰিণত হ'বলৈ গৈ আছে। যোৰহাট নগৰবাসীৰ বাবে বৰ্তমান এয়া এক অতি পৰিতাপৰ বিষয় হৈ পৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|