যোৰহাটৰ বিশিষ্ট কবি, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰশিল্পী স্বপ্না বৰঠাকুৰক ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত পশ্চিম বংগৰ আন্তঃৰাষ্ট্ৰীয় সাহিত্য সংস্থা "নৱজাগৰণ সাহিত্য পৰিবাৰ"-এ অলপতে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে।
উল্লেখ্য যে স্বপ্না বৰঠাকুৰে ২০১৮ চনৰ পৰাই "নৱজাগৰণ সাহিত্য পৰিবাৰ"-ত বাংলা লেখনি আগবঢ়োৱাৰ লগতে দুবছৰৰ পূৰ্বে এই সংস্থাৰ পৰা "কাব্য ৰত্ন" বঁটা পাবলৈও সক্ষম হৈছিল।
উল্লেখ্য যে বাংলা সাহিত্যৰ বাবে এই সন্মান লাভ কৰা স্বপ্না বৰঠাকুৰে বৰ্তমানলৈকে প্ৰায় দুহেজাৰৰ ওচৰা-উচৰি বাংলা কবিতা ৰচনা কৰাৰ লগতে "ভালবাসাৰ ৰং" আৰু "পৃথিৱীৰ মানুষ" শীৰ্ষক দুখন বাংলা কাব্যগ্ৰন্থও প্ৰণয়ন কৰিছে।
ইতিমধ্যে বাংলা কবিতাৰ বাবে প্ৰায় পাঁচশৰ অধিক আন্তঃৰাষ্ট্ৰীয় সন্মানো লাভ কৰিবলৈ সক্ষম হৈছে স্বপ্না বৰঠাকুৰে।
Published by: Gautam Barman
FIRST PUBLISHED : May 24, 2023, 23:29 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।