মুখ্যপৃষ্ঠা »খবৰ »Jorhat »Banana Stem Recipe: পচলা আপোনাৰ প্ৰিয় নেকি? কিদৰে ৰান্ধি খাব পাৰি পচলা? ইয়াৰ গুণাগুণ কি ?

Banana Stem Recipe: পচলা আপোনাৰ প্ৰিয় নেকি? কিদৰে ৰান্ধি খাব পাৰি পচলা? ইয়াৰ গুণাগুণ কি ?

X
Banana //

Banana peaches dish

কিদৰে ৰান্ধি খাব পাৰি পচলা ? সোৱাদ অনুসৰি বহুজনে মাংস, বেঙেনা আদি বহুতো অন‍্য পাচলিৰ সৈতে ৰান্ধি এই জনপ্ৰিয় ব‍্যঞ্জন খোৱা দেখা যায় । কি কি গুণ আছে কল পচলাত ? আপুনি বাৰু জানেনে ?

  • Share this:
শিল্পীকা হাজৰীকা, যোৰহাট: অসমীয়াৰ এক অন্যতম খাদ্য হ’ল কল পচলাৰ বিবিধ ব্যঞ্জন ৷ কিদৰে ৰান্ধি খাব পাৰি পচলা ? সোৱাদ অনুসৰি বহুজনে মাংস, বেঙেনা আদি বহুতো অন‍্য পাচলিৰ সৈতে ৰান্ধি এই জনপ্ৰিয় ব‍্যঞ্জন খোৱা দেখা যায় । কি কি গুণ আছে কল পচলাত ? আপুনি বাৰু জানেনে ? আঞ্জা হিচাপে বা ভাজি হিচাপে খাবলৈ ব্যৱহাৰ কৰা কলৰ পুলিৰ ভিতৰৰ কোমল অংশটোকে পচলা বুলি কোৱা হয় । এসময়ত কেৱল গ্ৰাম্যাঞ্চলতে পাচলি হিচাপে ব্যৱহাৰ কৰা কলপচলা আজিকালি নগৰ – মহানগৰৰ বজাৰতো যথেষ্ট জনপ্রিয় ।

কলপচলা কেৱল সাধাৰণ আঞ্জাই নহয়, কলপচলা খালে দেহত জমা হোৱা ইউৰিক এছিড কমাই ৰাখে । ইয়াৰোপৰি কল পচলা আমাৰ দেহৰ প্রয়োজনীয় বহুতো উপাদানৰ পৰিপূৰক । ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আছে । ইয়াৰ উপৰিও ভিটামিন B6, পটাচিয়াম, আইৰণ আদি পোৱা যায় । ভীমকলৰ পচলা আইৰণ কমি যোৱা ৰোগীক খাবলৈ পৰামর্শ দিয়ে চিকিৎসকে । প্ৰচুৰ পৰিমাণে আঁহ থকাৰ বাবে কোষ্ঠকাঠিন্যত সুফল পোৱা যায় । কল পচলাত আছে বিশেষ গুণ । আইৰণ, ভিটামিন B6 আদি থকাৰ বাবে ৰক্তহীনতা বা এনিমিয়া ৰোগত ই উপকাৰী ।

উচ্চ ৰক্তচাপত পচলা উপকাৰী । ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে । কলেষ্টৰল সমস্যাটো পচলা খালে সুফল পোৱা যায় । পেটৰ চৰ্বি কমোৱাত পচলাই সহায় কৰে । সেয়েহে মাজে মাজে পচলা খাব লাগে । মূত্ৰজনন (diuretic) হোৱাৰ বাবে প্ৰস্বাৱৰ বিভিন্ন সমস্যাত পচলা খালে সুফল পোৱা যায় । মূত্ৰনলীৰ সংক্ৰমণত পচলা খালে সুফল পোৱা যায় । পচলাই কিডনী ষ্ট’ন হোৱাত বাধা দিয়ে । ইউৰিক এচিডৰ সমস্যাত ই খুবেই উপকাৰী ।

আনকি ডায়েবেটিচ ৰোগতো ই খুব উপকাৰী । ডায়েবেটিচ ৰোগীয়ে নিশ্চিন্ত মনেৰে পচলা খাব পাৰে । ই ডায়েবেটিচ ৰোগৰ পৰা হোৱা অন্য সমস্যাও দূৰ কৰাত সহায় কৰে । বডী ডিটক্স বা শৰীৰৰ শোধন কৰাত পচলাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । কাৰণ শৰীৰত উৎপন্ন হোৱা অলাগতিয়াল বৰ্জ্য পদাৰ্থ সমূহ পেচাব, পায়খানাৰ যোগেদি শৰীৰৰ পৰা উলিয়াই দিয়াত ই সহায় কৰে । লিভাৰৰ বিভিন্ন সমস্যাত পচলা উপকাৰী । বিশেষকৈ ফেটি লিভাৰ, জণ্ডিচত পচলা খালে উপকাৰ পোৱা যায় ।

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি