মুখ্যপৃষ্ঠা »খবৰ »Jorhat »Debasish Gogoi Murder Case: অৱশেষত ন্য়ায় পালে দেৱাশিস গগৈৰ পিতৃ-মাতৃয়ে

Debasish Gogoi Murder Case: অৱশেষত ন্য়ায় পালে দেৱাশিস গগৈৰ পিতৃ-মাতৃয়ে

দেৱাশিস গগৈৰ হত্যাকাণ্ডৰ আজি চূড়ান্ত ৰায়

দেৱাশিস গগৈৰ হত্যাকাণ্ডৰ আজি চূড়ান্ত ৰায়

১১ জন অপৰাধীক যাবৎজীৱন কাৰাদণ্ড বিহিলে আদালতে । প্ৰায় তিনিবছৰীয়া ন্যায়িক যুঁজৰ অন্তত গণপ্ৰহাৰৰ বলি হোৱা দেবাশিসৰ ন্যায়ৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল পিতৃ-মাতৃ তথা পৰিয়ালৰ লোকে । 

  • Share this:
যোৰহাট, ৬ মাৰ্চ: মৰিয়নীৰ গাভৰু আঠাইছ হিলৰ প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ গৈ এদল মানৱৰূপী দানৱৰ হাতত প্ৰাণ হেৰুওৱা দেৱাশিস গগৈৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায় আজি যোৰহাট সত্ৰ ন্যায়ধীশৰ আদলতে প্ৰদান কৰে ।

১১ জন অপৰাধীক যাবৎজীৱন কাৰাদণ্ড বিহিলে আদালতে । প্ৰায় তিনিবছৰীয়া ন্যায়িক যুঁজৰ অন্তত গণপ্ৰহাৰৰ বলি হোৱা দেবাশিসৰ ন্যায়ৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল পিতৃ-মাতৃ তথা পৰিয়ালৰ লোকে ।

গাভৰু চাহ বাগিচাৰ সন্মুখত ২০২০ চনৰ ২৯ মে\"ৰ আবেলি এটা সামান্য দুৰ্ঘটনাক কেন্দ্ৰ কৰি এদল লোকে ২২ বছৰীয়া দেৱাশিস গগৈ আৰু বন্ধু আদিত্য দাসক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল । পিছত চিকিৎসালয়ত কৰুণ মৃত্যুক আকোঁৱালী লৈছিল দেৱাশিসে ।

হত্যাকাণ্ডত জড়িত ১৮ জন অভিযুক্ত কাৰাবন্দী হৈ আছিল আৰু আদালতে সকলো সাক্ষী বাদী গ্ৰহণ কৰি আজি ইয়াৰে ১১ জনক যাবৎ জীৱন কাৰদণ্ডৰ ৰায় দিয়াৰ উপৰি ৭ জনক ৰেহাই দিয়ে । প্ৰয়াত দেৱাশিসৰ পিতৃ-মাতৃয়ে আদালতৰ ন্যায়ত সন্তোষ প্ৰকাশ কৰে ।

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি