মুখ্যপৃষ্ঠা »খবৰ »Jorhat »যোৰহাটত ঘাঁহ উৎপাদন আৰু ঘাঁহ সংৰক্ষণৰ সজাগতা সভা ...

যোৰহাটত ঘাঁহ উৎপাদন আৰু ঘাঁহ সংৰক্ষণৰ সজাগতা সভা ...

কৃষি বিজ্ঞান কেন্দ্ৰ, কলিয়াপানীৰ উদ্যোগত আৰু পশুপালন আৰু পশুচিকিৎসা বিভাগ, যোৰহাটৰ সহযোগত "ঘাঁহ উৎপাদন আৰু বিভিন্ন পদ্ধতিৰে ঘাঁহ সংৰক্ষণ" শীৰ্ষক এখন সজাগতা সভা ৷

  • Share this:
যোৰহাট, ৩১ মাৰ্চ: কৃষি বিজ্ঞান কেন্দ্ৰ, কলিয়াপানীৰ উদ্যোগত আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগ, যোৰহাটৰ সহযোগত বৃহস্পতিবাৰে কাকজান ৰাজ্যিক পশু চিকিৎসালয়ৰ এলেকাধীন যোৰহাট জিলাৰ মেলেং গোহাঁই গাঁৱৰ শইকীয়া নামঘৰৰ সমীপৱৰ্তী ৰাজহুৱা প্ৰেক্ষাগৃহত "ঘাঁহ উৎপাদন আৰু বিভিন্ন পদ্ধতিৰে ঘাঁহ সংৰক্ষণ" শীৰ্ষক এখন সজাগতা সভা অনুস্থিত হয় ।

স্থানীয় গাঁও পঞ্চায়তৰ সভাপতিৰ পৰিচালনাত অনুষ্ঠিত অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড° সঞ্জয় বৰঠাকুৰ, বিষয় বিশেষজ্ঞ ডাঃ প্ৰভাত কুমাৰ বৰুৱা, জিলা পশুপালন আৰু পশুচিকিৎসা বিষয়া ডাঃ ভূপেন দাস, সহকাৰী গৱেষণা বিষয়া ডাঃ প্ৰবীণ কুমাৰ নেওগ, খণ্ড পশুচিকিৎসা বিষয়া ডাঃ সিদ্ধাৰ্থ দত্ত, পশু চিকিৎসা বিষয়া ডাঃ ৰাজীৱ দুৱৰা আৰু ডাঃ মৃণ্ময় চুতীয়া উপস্থিত থাকি ঘাঁহ খেতিৰ প্ৰয়োজনীয়তা,পৰিসৰ আৰু ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা সম্পৰ্কে বক্তব্য আগবঢ়ায় ।

Indian Grassland and Fodder Research Institute ৰ উদ্যোগত আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা পৰিচালিত এই কাৰ্যসূচীত কৃষকসকলৰ মাজত কিছু কৃষি সামগ্ৰী, নেপিয়াৰ ঘাঁহৰ সঁচ আৰু মাকৈ ঘাঁহৰ বীজ বিতৰণ কৰা হয় । ইয়াৰ পূৰ্বে পুৱাবেলা গোহাঁই গাঁৱৰ গো-ধন সমূহক খণ্ড পশু চিকিৎসা বিষয়া ডাঃ সিদ্ধাৰ্থ দত্তৰ তত্বাৱধানত ক্ষেত্ৰ সহায়ক ৰাজীৱ বৰা, বৈকুণ্ঠ বৰা, লক্ষী দত্ত আৰু মৈত্ৰীকৰ্মী ধ্ৰুৱ বৰগোহাঁইৰ সহযোগত চবকা আৰু ব্ৰুচেলচিছ ৰোগৰ প্ৰতিষেধক টীকা প্ৰদান কৰা হয় ।

শিবিৰত পশুপালনৰ বিকাশৰ বাবে ল'ব লগা ব্যৱস্থা আৰু টীকাকৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কে পালকসকলৰ লগত চিকিৎসকসকলে আন্তৰিক আলোচনা কৰে । শিবিৰত সমুদায় ২০০ তকৈও অধিক গোধনক চবকা আৰু ৩০ টা চেউৰী পোৱালক ব্ৰুচেলচিছ ৰোগৰ প্ৰতিষেধক প্ৰদান কৰা হয় ।

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি