যোৰহাটৰ চক বজাৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰৰ তৰফৰ পৰা এককালীন সাহায্য আগবঢ়োৱা হৈছে। দেওবাৰে বিয়লি আনুষ্ঠানিক ভাবে এই আৰ্থিক সাহায্য প্ৰদান কৰা হয়। যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত অগ্নিকাণ্ডত ক্ষতিৰ সন্মুখীন হোৱা মুঠ ২৪১ গৰাকী লোকক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হৈছে। দেওবাৰে যোৰহাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত এক সভাত এই সাহায্য প্ৰদান কৰা হয়।
উল্লেখ্য যে, যিসকল লোকে যোৰহাট জিলা প্ৰশাসনক বেংক একাউণ্ট নম্বৰ প্ৰদান কৰিছে তেওঁলোকৰ একাউণ্টত পোনপটীয়াকৈ ধন জমা কৰা হৈছে। সৰ্বমুঠ এক কোটি তেৰ লাখ টকা প্ৰদান কৰা হ’ব ক্ষতিগ্ৰস্ত সকলক।
আনহাতে, চক বজাৰৰ ব্যৱসায়ী সকলক অস্থায়ীভাবে ব্যৱসায় কৰিবলৈ নগৰৰ পুৰণা বাছ আস্থানৰ সমীপত ঠাই দিয়া হৈছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰী অজন্তা নেওগে।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 06, 2023, 09:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।