মুখ্যপৃষ্ঠা »খবৰ »Jorhat »Jorhat News: পুৱা গুলিৰ শব্দত সাৰ পোৱা যোৰহাটৰ গাঁওবাসীয়ে অৱশেষত দাখিল কৰিলে এজাহাৰ

Jorhat News: পুৱা গুলিৰ শব্দত সাৰ পোৱা যোৰহাটৰ গাঁওবাসীয়ে অৱশেষত দাখিল কৰিলে এজাহাৰ

যোৰহাটৰ নতুন গাঁওবাসীৰ বাবে ভয়ংকৰ বিপদ

যোৰহাটৰ নতুন গাঁওবাসীৰ বাবে ভয়ংকৰ বিপদ

কিমান সহিব আৰু গুলীৰ অত্যাচাৰ ! গুলীৰ শব্দত আতংকিত নতুন গাঁওবাসীয়ে অৱশেষত শনিবাৰে থানাত দাখিল কৰিলে এজাহাৰ ৷

  • Share this:
যোৰহাট, ২৫ মাৰ্চ: দৰাচলতে যোৰহাটৰ বায়ুসেনা বাহিনীৰ বিমান ঘাটিৰ সমীপতে আছে নতুন গাঁও নামৰ এখন গাঁও । সেনাৰ ঘাটিত প্ৰায়ে চলে গুলিচালনাৰ অনুশীলন । যাৰ ফলত পুৱা শ শ গুলিৰ শব্দত সাৰ পাই গাঁওখনৰ ৰাইজ ।

এই ধাৰাসাৰ গুলিবর্ষণত এতিয়া চুৰমাৰ হৈছে গাঁওখনৰ গৃহসমূহৰ টিনপাত । গাঁওখনৰ সাধাৰণ ৰাইজৰ নিৰাপত্তা আৰু সুবিধা অসুবিধাৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নাই সেনা বাহিনীৰ । দেৱাল পাৰ হৈ জনবসতিপূৰ্ণ অঞ্চলসমূহত পৰেহি শ শ গুলিৰ কাৰ্টিজ । ফলত ফুটি গৈছে ঘৰসমূহৰ টিনপাত ।

গুলিৰ আতংকত দিন কটাব লগীয়া হৈছে স্থানীয় ৰাইজে । ৰাইজে আপত্তি দিয়াৰ পাছত কিছুদিনৰ বাবে এই অনুশীলন বন্ধ আছিল যদিও বৃহস্পতিবাৰে পুনৰ আৰম্ভ হ'লত এতিয়া চিন্তিত হৈ পৰিছে নতুন গাঁওবাসী । আনহাতে এই সংক্ৰান্তত যোৰহাট সদৰ থানাত আজি এখন এজাহাৰ দাখিল কৰে ভুক্তভোগী ৰাইজে । স্থানীয় ৰাইজৰ লগতে কণ কণ শিশুসকলো এতিয়া ভীতিগ্ৰস্ত হৈ পৰা পৰিলক্ষিত হৈছে ।

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি