মুখ্যপৃষ্ঠা »খবৰ »Jorhat »Jorhat News: মানস ছাৰৰ ইংৰাজী শিকোৱাৰ নতুন ফৰ্মূলা 

Jorhat News: মানস ছাৰৰ ইংৰাজী শিকোৱাৰ নতুন ফৰ্মূলা 

X
মানস //

মানস ছাৰৰ ইংৰাজী শিকোৱাৰ নতুন ফৰ্মূলা 

কেতিয়াবা ইংৰাজীতেই অসমীয়া পদ্য ৰচনা কৰে ।কেতিয়াবা আকৌ ভাওনাৰ প্ৰবেশতেই বচনৰ পৰিৱৰ্তে ইংৰাজী গ্ৰামাৰ । ইমানেই নহয়, কেতিয়াবা পাচলিৰ বেপাৰী হৈ, কেতিয়াবা পথাৰৰ মাজত বা বিদ্যালয়ৰ মাজতে আৰম্ভ হয় ইংৰাজীৰ ক্লাচ । 

  • Share this:
যোৰহাট, ১৭ মাৰ্চ: এইজন ছাৰৰ ইংৰাজী শিক্ষাৰ ফৰ্মূলাটো অলপ বেলেগ । কেতিয়াবা ইংৰাজীতেই অসমীয়া পদ্য ৰচনা কৰে ।

কেতিয়াবা আকৌ ভাওনাৰ প্ৰবেশতেই বচনৰ পৰিৱৰ্তে ইংৰাজী গ্ৰামাৰ । ইমানেই নহয়, কেতিয়াবা পাচলিৰ বেপাৰী হৈ, কেতিয়াবা পথাৰৰ মাজত বা বিদ্যালয়ৰ মাজতে আৰম্ভ হয় ইংৰাজীৰ ক্লাচ ।

এয়া মানস ছাৰৰ কথা । ৰংদৈ উচ্চ ইংৰাজী বিদ্যালয়ৰ ইংৰাজী শিক্ষক মানস জ্যোতি হাজৰিকাৰ কথা । যাৰ নিজস্ব শৈলীৰ শিক্ষণ পদ্ধতিয়ে এতিয়া সকলোকে আকৰ্ষণ কৰিছে ।

গ্ৰামাঞ্চলৰ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়তো যে এনেকুৱা শিক্ষাদান হয় বা ছাত্ৰ ছাত্ৰীৰ মুখত সাৱলীলভাৱে ইংৰাজী শুনিবলৈ পোৱা যাব এয়া সততে ভাবিব নোৱাৰে সাধাৰণ ৰাইজে ।

যোৰহাট নিমাতীৰ ৰংদৈ এটা যথেষ্ট ভিতৰুৱা অঞ্চল যিটো অঞ্চলৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিভা স্ফতিকৰ দৰে উজ্বল । তাতোকৈও মনোগ্ৰাহী বিষয় - শিক্ষক-শিক্ষয়িত্ৰী সকলৰ পাঠদান কৰা পদ্ধতি । যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে এতিয়া ফেৰ মাৰিছে চহৰৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগত ।

তাৰ মাজৰে ইংৰাজী শিক্ষক মানসজ্যোতি হাজৰিকাৰ ইংৰাজী শিকোৱা যি কৌশল সেয়া যথেষ্ট সৰল । সাধাৰণতে ইংৰাজী বুলিলে সাত জাপ মৰা অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভাষাৰ চৰ্চা, কথোপকথন, মতবিনিময় যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় যিবোৰে ছাত্ৰ - ছাত্ৰীক ভাষাটোৰ প্ৰতি আকৃষ্ট কৰিব ।

যি সময়ত অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহৰ চৰ্চা দৈনিক চলি থাকে, সেই সময়ত ৰংদৈ উচ্চ ইংৰাজী বিদ্যালয় কিছু ব্যতিক্ৰম ।

শিক্ষকতা বৃত্তিটোক পেছা হিচাপে নলৈ নিচা হিচাপে লোৱা এইজন শিক্ষক আৰু তেওঁৰ শিক্ষা পদ্ধতিয়ে নিৰ্দিষ্ট বিষয়টোক এক নতুন মাত্ৰা দিছে । তাৰেই ফচল ৰূপে দেখা গʼল বহুকেইজন তীক্ষ্ণ ছাত্ৰ - ছাত্ৰীক ।

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি