মুখ্যপৃষ্ঠা »খবৰ »Jorhat »Jorhat News: দৃষ্টি থাকিলে লক্ষ্য নেহেৰাই, প্ৰমাণ কৰিলে বৃষ্টিয়ে

Jorhat News: দৃষ্টি থাকিলে লক্ষ্য নেহেৰাই, প্ৰমাণ কৰিলে বৃষ্টিয়ে

X
বিয়াৰ //

বিয়াৰ পিচতেই স্বামীৰ সহাঁৰি লাভ কৰি তেওঁ বৰ্তমান মুকলি কৰিছে বৃষ্টিজ অনলাইন বুটিক নামৰ এখন বিপণি

ৰিচেলিং এপত পোনপ্ৰথমে ৰিচেলিং কৰা আৰম্ভ কৰিছিল তেওঁ । বিয়াৰ পিচতেই স্বামীৰ সহাঁৰি লাভ কৰি তেওঁ বৰ্তমান মুকলি কৰিছে বৃষ্টিজ অনলাইন বুটিক নামৰ এখন বিপণি । 

  • Share this:
শিল্পীকা হাজৰীকা, যোৰহাট: নিজৰ বলত নিজৰ ভৰিত থিয় দিব খোজা এয়া বৃষ্টিৰ কাহিনী । ২০১৮ চনৰ পৰা নিজাববীয়াকৈ কিবা এটা কৰাৰ চেষ্টা কৰি আহিছে বৃষ্টি বৰা কোঁৱৰে ।

ৰিচেলিং এপত পোনপ্ৰথমে ৰিচেলিং কৰা আৰম্ভ কৰিছিল তেওঁ । বিয়াৰ পিচতেই স্বামীৰ সহাঁৰি লাভ কৰি তেওঁ বৰ্তমান মুকলি কৰিছে বৃষ্টিজ অনলাইন বুটিক নামৰ এখন বিপণি ।

অনলাইনতো মহিলাসকলৰ প্ৰিয় চাদৰ-মেখেলা আৰু অসমীয়া গহনা সুলভ মূল্যত বিক্ৰী কৰাৰ সুবিধা কৰিছে এইগৰাকী উদ‍্যমী মহিলাই । কেৱল এটা চৰকাৰী চাকৰিৰ পিচত দৌৰি ভাগৰি পৰা বৰ্তমান সময়ছোৱাত বৃষ্টিয়ে দেখুৱাইছে এক অনন্য নিদৰ্শন ।

হাতেৰে বোৱা কাপোৰৰ পৰা অসমীয়া গহনাৰো এক ব‍্যৱসায় নিজ বলত আৰম্ভ কৰিলে বৃষ্টি বৰা কোঁৱৰে । তেওঁৰ এই যাত্ৰাত তেওঁৰ স্বামীৰ সহাঁৰি আৰু উৎসাহৰ বিষয়েও তেওঁ উল্লেখ কৰে ।

তোমাৰ চহৰৰ পৰা(যোৰহাট)

শেহতীয়া বাতৰি