৬০ ৰ পৰা ৮০ বছৰৰ উৰ্ধৰ মহিলাসকলক তেওঁ দিছে এখন সুকীয়া তথা বিশেষ মঞ্চ । ফেশ্বন অথবা মডেলিং মানে কেৱল চুটি কাপোৰকে নুবুজায় । অসমীয়াৰ মৰমৰ সাজযোৰ পৰিধান কৰিও ফেশ্বন জগতত খলকনি তুলিব পাৰি । এয়া প্ৰমাণ কৰি দেখুৱালে যোৰহাটৰ এগৰাকী জনপ্ৰিয় মডেল ৰিজু আৰ শইকীয়াই ।
ফেশ্বন জগতখনক লৈ আমাৰ সাধাৰণ মানুহৰ মন মগজুত বহুতো প্ৰশ্নৰ উদয় হয় । একাংশই স্পষ্টভাবে এই জগতখনক ব্যাভিচাৰ বুলি কোৱাটো কোনো নতুন কথা নহয় । অন্যহাতে চুটি কাপোৰ পিন্ধি পশ্চিমীয়া সংস্কৃতিক আঁকোৱালি লোৱাৰ কথাও চৰ্চাত থাকে এই গ্লেমাৰ জগতখনত । এইখিনিতেই প্ৰশ্ন হয়- ফেশ্বনৰ সংজ্ঞা কেৱল এয়াই নেকি ? সোঁতৰ বিপৰীতে যোৱা মডেলবোৰ আজিৰ সময়ত কʼত ?
ৰিজু আৰ শইকীয়া, যোৰহাটৰ এনে এগৰাকী মডেল যি এফালে ৯০ বছৰীয়া শাহুক মৰমেৰে নিজৰ লগত ৰাখি, শুশ্ৰুষা কৰি আনফালে নিজৰ সপোনৰ বাটত খোজ দি দপদপাই আছে । মডেলিং জগতত এক নব্য ধাৰাৰ সুচনা কৰি অসমীয়া জাতীয় স্বাভিমান বিজড়িত সাজবোৰক লৈ বিগত বহু বছৰ ধৰি ফেশ্বনৰ ক্ষেত্ৰখনত কাম কৰি আহিছে তেওঁ ।
তেওঁৰ সান্নিধ্যত ৮০ উৰ্ধৰ বৃদ্ধাইও জীৱনটো নকৈ জীবলৈ ওলাই আহিছে । বিভিন্ন ক্ষেত্ৰত পৰিধান কৰা অসমীয়া জাতীয় সাজবোৰ দেখাতেই বৰ আকৰ্ষণীয় আৰু তুলনাহীন । বিদেশৰ বিদেশীৰো আমাৰ পৰম্পৰাগত সাজবোৰৰ প্ৰতি এক বিশেষ দুৰ্বলতা থকা পৰিলক্ষিত হয় ।
তেনেক্ষেত্ৰত আমি এই সাজবোৰক নস্যাৎ কৰি পশ্চিমীয়া সাজবোৰক লৈ ফেশ্বনৰ মঞ্চখনৰ কথা সমালোচনা কৰাটো মুঠেই যুক্তিসংগত নহয় । অন্যহাতে প্ৰতিযোগিতামূলক এখন পৃথিৱীত ফেশ্বন জগতখনত এক নতুন ধাৰাৰে অসমীয়া জাতীয় পৰম্পৰাগত সাজবোৰ জনমুখী কৰা এই প্ৰচেষ্টা যথেষ্ট প্ৰশংসনীয়।
"নৰ্থ ইষ্ট মম এণ্ড এঞ্জেলছ" এক সুযোগ যʼত প্ৰজ্ঞা আৰু প্ৰতিভাসম্পন্ন নাৰীয়ে নিজৰ পৰিচয় গঢ়িব পাৰে । ৰিজু আৰ শইকীয়াৰ স্বামী অৰুণ কুমাৰ শইকীয়া পেছাত এজন ডাক্তৰ যি নিজৰ পত্নীৰ সপোন পূৰণ কৰাত অৰিহনা যোগাইছে ।
ফেশ্বনৰ দৰে প্ৰত্যাহ্বান ভৰা এখন ক্ষেত্ৰত তেওঁ নিজৰ পত্নীক মুকলিকৈ উৰিবলৈ দি এজন দায়িত্বশীল স্বামীৰ কৰ্তব্য পালন কৰিছে । এনেদৰে প্ৰতিজন পুৰুষ নিজৰ নাৰীগৰাকীৰ সাহস হৈ থাকিলে নাৰীশক্তিৰ জয় অনিবাৰ্য ।
Published by: Subham Goswami
FIRST PUBLISHED : May 25, 2023, 20:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।