বুধবাৰে মৰিয়নিৰ নাগাজাংকাত সংঘটিত হৈছিল নগা দুৰ্বৃত্তৰ দ্বাৰা গুলীবৰ্ষণৰ এক ঘটনা । তাৰ পিচতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সীমান্তত ।
এই পৰিস্থিতিৰ বুজ ল'বলৈ আজি নাগাজাংকাত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এটা প্ৰতিনিধি দল ৷
বুধবাৰে মৰিয়নি নাগাজাংকাৰ দিচৈভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ বেদখল ৰোধ কৰিবলৈ যোৱা বন বিভাগৰ দললৈ লক্ষ্য কৰি নগা দুৰ্বৃত্তই গুলীবৰ্ষণ কৰা ঘটনাৰ বুজ লবলৈ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ নেতৃত্বত এটা সজাতি দল আজি ঘটনাস্থলীত উপস্থিত হয় ।
ঘটনাস্থলীত সংঘটিত হোৱা গুলীবৰ্ষণ সন্দৰ্ভত এয়া গুলীৰ শব্দ নহয় বুলি জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে দিয়া মন্তব্যৰ বিৰোধিতা কৰাৰ লগতে অসম চৰকাৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰু সীমান্তবাসী ৰাইজ চৰম নিৰপত্তাহীনতাত ভুগিব লগীয়া হৈছে বুলি কংগ্ৰেছ নেতাগৰাকীয়ে সাংবাদিকৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
Published by: Subham Goswami
FIRST PUBLISHED : March 16, 2023, 17:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।