உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • india-china
    • »
    • ‘লাডাখ প্ৰথম আঙুলিহে, চীনে সম্পূৰ্ণ ৫টা আঙুলি কাঢ়ি নোলোৱা পৰ্যন্ত এৰি নিদিয়ে’- কি এই চীনৰ ফাইভ ফিংগাৰ ষ্ট্ৰেটেজী?

    ‘লাডাখ প্ৰথম আঙুলিহে, চীনে সম্পূৰ্ণ ৫টা আঙুলি কাঢ়ি নোলোৱা পৰ্যন্ত এৰি নিদিয়ে’- কি এই চীনৰ ফাইভ ফিংগাৰ ষ্ট্ৰেটেজী?

    চীনৰ আগ্ৰাসন দেখি ভাৰতক সতৰ্ক কৰি দিলে চেণ্ট্ৰেল তিব্বত প্ৰশাসনৰ অধ্যক্ষ লবসাং সাংগোৱে।

    চীনৰ আগ্ৰাসন দেখি ভাৰতক সতৰ্ক কৰি দিলে চেণ্ট্ৰেল তিব্বত প্ৰশাসনৰ অধ্যক্ষ লবসাং সাংগোৱে।

    চীনৰ আগ্ৰাসন দেখি ভাৰতক সতৰ্ক কৰি দিলে চেণ্ট্ৰেল তিব্বত প্ৰশাসনৰ অধ্যক্ষ লবসাং সাংগোৱে।

    • Share this:
    পূৱ লাডাখৰ ‘গাৱলান ভেলী’নিজৰ বুলি দাবী কৰিলে চীনে। বিগত কেইবা দশক ধৰি দাবী কৰি থকাৰ পিছত এইবাৰ দখল কৰিবলৈ উঠি পৰি লাগিছে চীন। আৰু চীনৰ এই আগ্ৰাসী মনোভাৱত যেন বিশেষ গোন্ধ পাইছে তীব্বত প্ৰশাসনে। চীনৰ আগ্ৰাসন দেখি এতিয়া ভাৰতক সতৰ্ক কৰি দিছে চেণ্ট্ৰেল তীব্বত প্ৰশাসনৰ প্ৰেচিডেণ্ট লবসাং সাংগোৱে।

    CNN-News18ৰ সৈতে হোৱা সাক্ষাত্‍কাৰত লবসাং সোংগোৱে কয় যে, লাডাখ হ’ল চীনৰ ফাইভ ফিংগাৰ ষ্ট্ৰেটেজীৰ অংশ। এই ষ্ট্ৰেটেজী আৰম্ভ কৰিছিল পিপলছ ৰিপাব্লিক অৱ চাইনাৰ প্ৰতিষ্ঠাপক সদস্য মাও চে তুঙে।



     

    সাংগোৰ দাবী- যেতিয়া চীনে তীব্বত দখল কৰিছিল, মাও চে তুং সহ অন্যান্য চীনৰ নেতাই কৈছিল যে, ‘তীব্বত হ’ল হাতৰ তলুৱা। যাক আমি দখল কৰিলো। এতিয়া আমি পাঁচটা আঙুলি দখল কৰিম। প্ৰথম আঙুলি হ’ল লাডাখ। বাকী চাৰিটা আঙুলি হ’ল- নেপাল, ভূটান, ছিকিম, অৰুণাচল প্ৰদেশ।’

    ভাৰতক আগতেও চীনৰ ফাইভ ফিংগাৰ ষ্ট্ৰেটেজীৰ সন্দৰ্ভত সতৰ্ক কৰি দিছিল তীব্বত প্ৰশাসনে।
    First published: