আগ্ৰাসী চীনক সকীয়নি প্ৰদান কৰি ভাৰতলৈ মুকলি সমৰ্থন আমেৰিকা যুক্তৰাষ্ট্ৰ
আগ্ৰাসী চীনক সকীয়নি প্ৰদান কৰি ভাৰতলৈ মুকলি সমৰ্থন আমেৰিকা যুক্তৰাষ্ট্ৰ
লাডাখ সীমান্তত চীনৰ দৌৰাত্ম্য অব্যাহত থকাৰ সময়তে ভাৰতক সহায়ৰ বাবে আগবাঢ়ি আহিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। বিপদৰ সময়ত ভাৰতৰ কাষত যেন এতিয়া থিয় দিছে আমেৰিকাই। কিন্তু আমেৰিকাৰ মতে, কেৱল ভাৰতৰ সীমান্ততে নহয়, আগ্ৰাসী চীনৰ অতপালি বাঢ়িছে টাইৱান, ভিয়েটনাম, জাপান, মালয়েছিয়া, ফিলিপাইনছ সীমান্ততো। ফলত এতিয়া আটাইকেইখন দেশক সহায় কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰই ২৭ হাজাৰ মাৰ্কিন সৈন্য প্ৰেৰণ কৰিছে।
এই সন্দৰ্ভত মাৰ্কিন বৈদেশিক সচিব মাইক পেম্পৱে’ কয় যে, ‘ভাৰতক সহায়ৰ বাবে সাজু আমেৰিকা। কেৱল ভাৰত নহয়, টাইৱান, ভিয়েটনাম, জাপান, মালয়েছিয়া, ফিলিপাইনছ সীমান্ততো চীনৰ অতপালি বাঢ়িছে।’ আগ্ৰাসী চীনক সকীয়নি প্ৰদান কৰি মাৰ্কিন বৈদেশিক সচিবগৰাকীয়ে লগতে কয় যে, ‘ভাৰতসহ দক্ষিণ এছিয়াৰ বিভিন্ন দেশলৈ ২৭ হাজাৰ মাৰ্কিন সৈন্য প্ৰেৰণ কৰা হৈছে। ইফালে ক্ষেপণাস্ত্ৰও সাজু কৰিছে আমেৰিকাই।’ কিন্তু তাত্পৰ্যপূৰ্ণ ভাবে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ ৰাছিয়াই ভাৰত-চীনৰ শেহতীয়া বিবাদত কোনো পক্ষ নলয় বুলি জনাইছে।’
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|