உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • india-china
    • »
    • Bangladesh Covid 19 Vaccine : ভাৰতৰ নহয়; চীনৰ ভেকচিন প্ৰদান কৰিব বাংলাদেশে। শীঘ্ৰে ঢাকা পাবহি চীনা ভেকচিন।

    Bangladesh Covid 19 Vaccine : ভাৰতৰ নহয়; চীনৰ ভেকচিন প্ৰদান কৰিব বাংলাদেশে। শীঘ্ৰে ঢাকা পাবহি চীনা ভেকচিন।

    মূল্য পৰিশোধ কৰাৰ পিছতো পুনেৰ Serum Institute of India(SII)ই শেষৰ ২০ লাখ পালি ভেকচিন বাংলাদেশক সময়ত যোগান ধৰিবলৈ সমৰ্থ হোৱা নাছিল। এইবাবেই চীনৰ পৰা ভেকচিন গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা বুলি ঢাকাৰ সংবাদপত্ৰত প্ৰকাশ। 

    • Share this:
    ভাৰতবৰ্ষৰ প্ৰতিটো বতৰৰ বন্ধু (All Weather Friend) বাংলাদেশে দেশখন ক’ৰোনা মুক্ত কৰিব চীনা প্রতিষেধকৰে । বুধবাৰে চীনত নিৰ্মিত ভেকচিনৰ এটা বৃহৎ চালান দেশখনৰ ৰাজধানী ঢাকা পাবহি বুলি জানিবলৈ দিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ।

    উল্লেখযোগ্য যে বাংলাদেশে পুনেৰ Serum Institute of India (SII)ৰ পৰা প্ৰথমাৰ্ধত কোভিশ্বিল্ড (Covisheild) ক্ৰয় কৰিছিল । কিন্তু মূল্য পৰিশোধ কৰাৰ পিছতো শেষৰ ২০ লাখ পালি ভেকচিন SIIয়ে দেশখনক সময়ত যোগান ধৰিবলৈ সমৰ্থ হোৱা নাছিল । দেশখনৰ সংবাদ পত্ৰ সমূহত প্ৰকাশ কৰা মতে সেই কাৰণেই প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই চীনৰ পৰা ভেকচিন গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ।

    চীনত নিৰ্মিত এই ভেকচিনটোৰ নাম ‘Sinophram’ । এই ভেকচিনক জৰুৰীকালীন ব্যৱহাৰৰ কাৰণে বিশ্ব স্বাস্থ্য সন্থাই স্বীকৃতি প্রদান কৰিছে ।

    আনহাতেদি  ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে যোৱা মাৰ্চত তেওঁৰ দুদিনীয়া বাংলাদেশ ভ্ৰমণত ১২লাখ  ভাৰতীয় ভেকচিন বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক উপহাৰ দিছিল ।

    ঢাকাত চীনৰ ৰাষ্ট্ৰদূত লী জিমিঙে বাংলাদেশক ভেকচিন প্ৰদান কৰা কাৰ্যক চীনৰ আন্তৰাষ্ট্ৰীয় ভেকচিন সহযোগিতাৰ অংশ-বিশেষ বুলি অভিহিত কৰে । দুয়োখন দেশে এই সন্দৰ্ভত যোৱা বছৰৰ পৰাই আলোচনা চলাই আছিল ।

    অতি সম্প্ৰতি বাংলাদেশ প্ৰধানমন্ত্ৰীয়ে ভাৰতত কোৰোণা মহামাৰীৰ গ্ৰাসত পৰি মৃত্যু হোৱা লোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে আৰু ইয়াক প্ৰতিৰোধ কৰাত সকলো প্ৰকাৰৰ সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
    Published by:Manjumoni Borah
    First published: