মণিপুৰত নির্বাচনৰ দিন ঘোষণাৰ পিছতে সংঘটিত হৈছে নিৰ্বাচনী হিংসা। যোৱা নিশা প্ৰাক- নিৰ্বাচনী হিংসাত ৰাজ্যখনৰ পশ্চিম প্ৰান্তৰ চামুৰু অঞ্চলত দুজন লোকক গুলীয়াই হত্যা কৰে অচিনাক্ত বন্দুকধাৰীয়ে (Two Persons Killed At Samurou Area)। নিশা প্ৰায় ৯ বজাত মাচু চিনেমা হলৰ ওচৰত সন্দেহজনক নিৰ্বাচনী হিংসাত মৃত্যুমুখত পৰা দুই ব্যক্তি ক্ৰমে আবুজাম জন (৫১) আৰু আবুজাম টম্বা (৩৬) বুলি চিনাক্ত কৰা হৈছে।
তেওঁলোক দুয়োজন চামুৰু আৱাং লেইকাইৰ বাসিন্দা। সূত্ৰ অনুসৰি, কিছুসংখ্যক ব্যক্তি এখন বালেনো গাড়ীৰে আহি মাচু চিনেমা হলৰ (Machu Cinema Hall) ওচৰত সমৱেত হোৱা লোকৰ এটা দলক লক্ষ্য কৰি গুলীয়াইছিল। জনৰ ঘটনাস্থলীত মৃত্যু হোৱাৰ বিপৰীতে টম্বাৰ ইম্ফলৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়।