• Home
  • »
  • News
  • »
  • imphal
  • »
  • World War-ll Bomb Blast : অবিশ্বাস্য ! দ্বিতীয় বিশ্ব যুদ্ধৰ সময়তে মাটিত পুতি থোৱা বোমা বিস্ফোৰণ, মণিপুৰত প্ৰাণ গ’ল দুজনৰ

World War-ll Bomb Blast : অবিশ্বাস্য ! দ্বিতীয় বিশ্ব যুদ্ধৰ সময়তে মাটিত পুতি থোৱা বোমা বিস্ফোৰণ, মণিপুৰত প্ৰাণ গ’ল দুজনৰ

 দুই ককাই-ভাই ২২ বছৰীয়া লিয়েঙখগিন গাংতে আৰু ২৪ বছৰীয়া লালচাংমৌন গাংতেই বুধবাৰে আবেলি লাংখীচই নামৰ গাঁওখনত মাটি খান্দি থাকোঁতে মাটিৰ তলত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ এটা বোমা উদ্ধাৰ কৰে ।

  • Share this:
মণিপুৰৰ সীমান্ত চহৰ ম’ৰে (Moreh)ত বুধবাৰে দ্বিতীয় বিশ্ব যুদ্ধ (World War-ll)ৰ সময়তে মাটিত পুতি থোৱা বুলি সন্দেহ হোৱা এটা বোমা বিস্ফোৰণ হৈ দুজন লোক নিহত হয় । জানিব পৰা মতে দুই ককাই-ভাই ২২ বছৰীয়া লিয়েঙখগিন গাংতে আৰু ২৪ বছৰীয়া লালচাংমৌন গাংতেই বুধবাৰে আবেলি লাংখীচই নামৰ গাঁওখনত মাটি খান্দি থাকোঁতে মাটিৰ তলত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ এটা বোমা উদ্ধাৰ কৰে ।

জানিব পৰা মতে এই বোমাটো বিস্ফোৰণ (Bomb Blast) ঘটি ভাতৃদ্বয়ৰ থিতাতে মৃত্যু হয় । গাঁওখনৰ গাওঁবুঢ়া টংখাপ’ বাইটেই সংবাদ মাধ্যমত বিস্ফোৰণ হোৱাৰ ফলত দুজন লোকৰ মৃত্যুৰ হোৱাৰ বাতৰি সদৰীকৰিছে । তেওঁ লগতে কয় – ভাতৃদ্বয়ে মাটি খান্দি থকা স্থানত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ বহু সজীৱ বোমা পুতি থোৱা আছে । গাঁওবুঢ়াগৰাকীয়ে দ্বিতীয় বিশ্ব যুদ্ধৰ ৭৬ বছৰৰ পিছতো সেই স্থানৰ নিৰীক্ষণ কৰি বোমা সমূহ নিস্ক্ৰিয় নকৰাৰ কাৰণে চৰকাৰক দোষাৰোপ কৰে ।

উল্লেখযোগ্য যে ম্যানমাৰ (Myanmar) সীমান্তৰ এই চহৰখনত ২০২০ চনৰ নৱেম্বৰ মাহত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ ১২২টা বোমা উদ্ধাৰ হৈছিল । নিৰ্মাণ কাৰ্যৰ কাৰণে খনন চলি থাকোঁতে মাটিৰ তলৰ পৰা উদ্ধাৰ হৈছিল বোমাকেইটা । সেই বছৰৰে জুন মাহত ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ মৰটাৰ চেল উদ্ধাৰ হৈছিল । ২০১৭চনৰ এপ্ৰিলতো ম’ৰেত ৬০০ সজীৱ গুলী মাটিৰ তলত উদ্ধাৰ হৈছিল  ।

নাগালেণ্ডৰ কহিমা আৰু মণিপুৰৰ ইম্ফল দ্বিতীয় বিশ্ব যুদ্ধৰ অন্যতম যুদ্ধ থলী আছিল । এই স্থানতে ইংৰাজ সৈন্যৰ বিৰুদ্ধে জাপানী সৈন্যই যুদ্ধ কৰিছিল । জাপানী সৈন্যৰ লগত আহিছিল নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজাদ হিন্দ ফৌজ । যুদ্ধৰ বহু স্মাৰক এই দুই স্থানত এতিয়াও বিভিন্ন ৰূপত সজীৱ হৈ আছে ।
Published by:Manjumoni Borah
First published: