মুখ্যপৃষ্ঠা » খবৰ

» ইম্ফল

»Curfew extended in Manipur: কমা নাই কোভিডৰ সংক্ৰমণ, মণিপুৰত কাৰফিউ আৰু ৭ দিনলৈ বৃদ্ধি

Curfew extended in Manipur: কমা নাই কোভিডৰ সংক্ৰমণ, মণিপুৰত কাৰফিউ আৰু ৭ দিনলৈ বৃদ্ধি

News18 Assam | News18-Assam
Updated:July 28, 2021, 1:59 PM IST
Curfew extended in Manipur:  কমা নাই কোভিডৰ সংক্ৰমণ, মণিপুৰত কাৰফিউ আৰু ৭ দিনলৈ বৃদ্ধি
ৰাজ্যখনত মুঠ কোভিড পজিটিভৰ ঘটনা ৯৪,৮২১গৰাকীলৈ বৃদ্ধি হৈছে।

ৰাজ্যখনত মুঠ কোভিড পজিটিভৰ ঘটনা ৯৪,৮২১গৰাকীলৈ বৃদ্ধি হৈছে।

  • Share this:

মণিপুৰ চৰকাৰে সমগ্ৰ মণিপুৰত মুঠ কাৰফিউ আৰু ৭ দিনৰ বাবে বৃদ্ধি কৰিছে, আজি ২৮ জুলাইৰ পৰা ৩ আগষ্টলৈ কাৰ্যকৰী হ'ব।  কোভিড-১৯ৰ বাবে ২৭ জুলাইলৈকে সমগ্ৰ ৰাজ্যত মুঠ ১০ দিনৰ কাৰফিউ জাৰি কৰা হৈছিল।এতিয়া ইয়াৰ ম্যাদ পুনৰ বৃদ্ধি কৰা হৈছে।


উল্লেখ্য,  কালি সন্ধিয়া ৭ বজালৈকে ১১৬১গৰাকী ব্যক্তিৰ কোভিড পৰীক্ষাৰ ফলাফল পজিটিভ হোৱাৰ পিছত মুঠ পজিটিভৰ ঘটনা ৯৪,৮২১গৰাকীলৈ বৃদ্ধি হৈছে, য'ত ১০,৮০২গৰাকী লোকে  হোম আইচোলেছনৰ লগতে বিভিন্ন কেন্দ্ৰত চিকিৎসাধীন হৈ আছে। এতিয়ালৈকে এই মহামাৰীত ৰাজ্যখনত ১৪৯৮গৰাকী লোকৰ মৃত্যু হৈছে।


উল্লেখ্য, ৰাজ্যিক কাৰ্যকৰী সমিতিৰ অধ্যক্ষ আৰু মুখ্য সচিব ৰাজেশ কুমাৰে জাৰি কৰা নিৰ্দেশ অনুসৰি পাচলি, মাছ–মাংস আৰু গ্ৰোচাৰী সামগ্ৰীবোৰ হোম ডেলিভাৰীৰ বাবে ই-কমাৰ্চৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।



ৰাজ্যখনৰ বীমা কাৰ্যালয়বোৰ সপ্তাহত তিনি দিনৰ বাবে পুৱা ১০ বজাৰ পৰা আবেলি ২.৩০ বজালৈ খোলাৰ অনুমতি দিয়া হৈছে। সেই অনুযায়ী বেংক সোমবাৰে, বুধবাৰ আৰু শুক্ৰবাৰে খোলা থাকিব।


উল্লেখ্য, ইয়াৰ মাজতে চলি থাকিব কোভিড টিকাকৰণ। এতিয়ালৈকে মুঠ ১২,৫২,৪০৮গৰাকীক টিকা দিয়া হৈছে, য'ত ১০,৬৬,৬৮০ জনে তেওঁলোকৰ প্ৰথম ডোজ গ্ৰহণ কৰিছে আৰু ১৮,৫৭,২৮২গৰাকীয়ে দ্বিতীয় ডোজ সম্পূৰ্ণ কৰিছে।

Published by: Gautam Barman
First published: July 28, 2021, 1:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি