তামিলনাডুৰ ভাৰতীয় জনতা পাৰ্টীৰ (BJP) নেতা লা গণেশনক দেওবাৰে মণিপুৰৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। এই মাহৰ আৰম্ভণিতে নাজমা হেপতুল্লাৰ অৱসৰৰ পিছত ৰাজ্যপালৰ পদটো খালী হৈ আছিল।
গণেশন ৰাজ্যখনৰ ১৭সংখ্যক ৰাজ্যপাল ৰূপে নিযুক্ত হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ এক বিজ্ঞপ্তিত কোৱা হৈছে যে গণেশন হ'ব "মণিপুৰৰ নতুন ৰাজ্যপাল, যি তাৰিখৰ পৰা তেওঁ তেওঁৰ কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰিছে।"
হেপতুল্লাই ১০ আগষ্টত কাৰ্যালয় ত্যাগ কৰিছিল আৰু একেদিনাই ছিকিমৰ ৰাজ্যপাল গংগা প্ৰসাদক দায়িত্ব দিয়া হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|