চলিত মণিপুৰ বিধানসভা অধিৱেশনত ৰাজ্যখনত ৰাজ্যিক জনসংখ্যা আয়োগ গঠন কৰাৰ আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) প্ৰস্তুত কৰাৰ এক প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত হয় । উল্লেখযোগ্য যে ইম্ফল উপত্যকা আৰু মণিপুৰৰ পাহাৰ অঞ্চলত অভাৱনীয় ভাৱে বৃদ্ধি পোৱা জনসংখ্যা উদ্ধৃতি দি শুক্ৰবাৰে জনতা দল (ইউনাটেড)ৰ বিধায়ক কেএইচ জয়কিষণে সদনৰ মজিয়াত এই প্ৰস্তাৱ উত্থাপন কৰে । বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিমতো দিনত মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ উপস্থিতিত সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱতো গৃহীত কৰা হয় (Manipur Assembly passes resolution to implement NRC)।
প্ৰস্তাৱটো উত্থাপন কৰি বিধায়কগৰাকীয়ে কয় – মণিপুৰৰ পাহাৰ, ভৈয়ামত অভাৱনীয় হাৰত জনসংখ্যা বিস্ফোৰণ হৈছে । তেওঁ সদৰী কৰা তথ্য অনুসৰি, ২০০১ৰ পৰা ২০১১ চনৰ ভিতৰত মণিপুৰৰ পাহাৰত ২৫০ শতাংশ জনসংখ্যা বৃদ্ধি হৈছে । তেওঁৰ মতে একে সময়ছোৱাত ভৈয়ামত ১২৫ শতাংশ জনসংখ্যা বৃদ্ধি হৈছে। যিহেতু পাহাৰসমূহ সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি সংৰক্ষিত, সেয়ে পাহাৰীয়া অঞ্চলসমূহত আন নালাগে ইম্ফল উপত্যকাৰ মানুহেও ভূমি ক্ৰয় কৰিব নোৱাৰে। তেনেস্থলত বিধায়কগৰাকীয়ে এই জনসংখ্যা বিস্ফোৰণৰ কাৰণ অবৈধ অনুপ্ৰৱেশ বুলিয়েই আশংকা কৰিছে ।
মুখ্যমন্ত্ৰীয়েও এখন ৰাজ্যিক জনসংখ্যা আয়োগ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ পোষকতা কৰে। উল্লেখযোগ্য যে ৰাজ্যখনৰ বিভিন্ন দল–সংগঠনে এক ভিত্তি বৰ্ষ নিৰ্ণয় কৰি NRC প্ৰস্তুত কৰাৰ দাবী উত্থাপন কৰি আহিছিল। মণিপুৰৰ ৩৮০কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত ম্যানমাৰৰে লাগি আছে। আৰু ম্যানমাৰৰ সামৰিক অভ্যুত্থানৰ ফলত বহু লোকে মণিপুৰলৈ পলাই আহিছে। অৱশ্যে বিধায়কগৰাকীয়ে এই অবৈধ অনুপ্ৰৱেশ ম্যানমাৰ, নেপাল আৰু বাংলাদেশৰ পৰা হোৱা বুলি সন্দেহ কৰিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|