• Home
  • »
  • News
  • »
  • imphal
  • »
  • Petrol-Diesel Price: পেট্ৰ'ল আৰু ডিজেলৰ প্ৰতি লিটাৰত কমিব ৪টকা, মুখ্যমন্ত্ৰীয়ে কৰিলে ঘোষণা

Petrol-Diesel Price: পেট্ৰ'ল আৰু ডিজেলৰ প্ৰতি লিটাৰত কমিব ৪টকা, মুখ্যমন্ত্ৰীয়ে কৰিলে ঘোষণা

মণিপুৰত বৰ্তমান প্ৰতি লিটাৰত পেট্ৰ'লৰ মূল্য ১০৬.৬৫ টকা আৰু ডিজেলৰ মূল্য ৯৪.৬৪ টকা। এতিয়া ৪ টকাকৈ জাম কমাৰ পিছত পেট্ৰ'লৰ মূল্য হ'ব ১০২.৬৫ টকা আৰু ডিজেলৰ মূল্য হ'ব ৯০.৬৪ টকা।

  • Share this:
মণিপুৰ চৰকাৰে ৰাজ্যখনৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য (Petrol-Diesel Price) হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। অহা ৩-৪ দিনৰ ভিতৰত সমগ্ৰ ৰাজ্যতে কমিব পেট্ৰ'ল-ডিজেলৰ মূল্য। শনিবাৰে মণিপুৰ (Manipur)ৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে (N Biren Singh) এক অনুষ্ঠানত ভাগ লোৱাৰ সময়ত এই কথা অৱগত কৰে।

মুখ্যমন্ত্ৰী বীৰেন সিঙে কয় যে পেট্ৰ'ল আৰু ডিজেলৰ প্ৰতি লিটাৰত ৪ টকাকৈ হ্ৰাস কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে।  ৰাইজৰ স্বাৰ্থত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও কয় মুখ্যমন্ত্ৰী বীৰেন সিঙে।

উল্লেখ্য যে মণিপুৰত বৰ্তমান প্ৰতি লিটাৰত পেট্ৰ'লৰ মূল্য ১০৬.৬৫ টকা আৰু ডিজেলৰ মূল্য ৯৪.৬৪ টকা। এতিয়া ৪ টকাকৈ জাম কমাৰ পিছত পেট্ৰ'লৰ মূল্য হ'ব ১০২.৬৫ টকা আৰু ডিজেলৰ মূল্য হ'ব ৯০.৬৪ টকা।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি