পূব অসমৰ ডিব্ৰুগড়ৰ পৰা এতিয়া মণিপুৰৰ ৰাজধানী ইম্ফললৈ যোৱাৰ বাবে সময় লাগিব মাত্ৰ ১ ঘণ্টা ১৫ মিনিট। আজি ইণ্ডিগ' ফ্লাইট ৬ই ৭৯৪৮য়ে সংযোগ কৰে মণিপুৰৰ ৰাজধানী ইম্ফলক। ডিব্ৰুগড়ৰ পৰা মণিপুৰৰ ৰাজধানী ইম্ফললৈ ‘উৰান’ কাৰ্যসূচীৰ অধীনত মুকলি কৰা হৈছে এই বিমানসেৱা।
গুৱাহাটীৰ উপৰি আগৰতলা (ত্ৰিপুৰা) আৰু ডিমাপুৰ (নাগালেণ্ড)লৈ ইতিমধ্যে ডিব্ৰুগড়ৰ পৰা বিমানসেৱা আছে। উৰাণ বা ক্ষেত্ৰীয় কানেক্টিভিটী যোজনা (RCS)ৰ অধীনত ডিব্ৰুগড়ৰ পৰা এনে সেৱা তৃতীয়বাৰৰ বাবে আৰম্ভ হৈছে।
বিমানবন্দৰখনৰ সঞ্চালক আৰ অৱস্থীয়ে জনোৱা মতে, বিভিন্ন গন্তব্যস্থানলৈ যোৱাৰ ক্ষেত্ৰত ডিব্ৰুগড় বিমান চলাচলৰ কেন্দ্ৰ হৈ উঠিছে। তেওঁ লগতে উল্লেখ কৰে যে ৯খন বিমান বৰ্তমান ডিব্ৰুগড় বিমানবন্দৰৰ পৰা উৰা মাৰে, যি প্ৰতিদিনে প্ৰায় ১,২০০ যাত্ৰী অনা–নিয়া কৰে।
উল্লেখ্য, ২০১৭ৰ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উৰান যোজনা মুকলি কৰিছিল। এই যোজনা মতে ক্ষেত্ৰীয় অঞ্চলত কম মূল্যতে বিমানেৰে যাতায়তৰ সুবিধা প্ৰদান কৰা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|