শেহতীয়াকৈ সমাপ্ত টকিঅ' অলিম্পিকত নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়োৱা মণিপুৰৰ দুগৰাকী খেলুৱৈ বুধবাৰে ঘৰলৈ উভতি আহে। মহিলা হকী দলৰ খেলুৱৈ সুশীলা চানু পুখৰামবামৰ লগতে পদক বিজয়ী পুৰুষ হকী দলৰ অলিম্পিয়ান নীলকান্ত শৰ্মা টিকেন্দ্ৰজিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়।
দুয়োগৰাকী খেলুৱৈক সম্ভাষণ জনাবলৈ হাজাৰ হাজাৰ মানুহ বিমানবন্দৰৰ বাহিৰত অপেক্ষা কৰি আছিল। মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ব্যক্তিগতভাৱে দুয়োগৰাকী তাৰকা হকী খেলুৱৈক অভ্যর্থনা জনাবলৈ বিমানবন্দৰলৈ আহিছিল। নীলকান্ত শৰ্মাই হাত জোকাৰি সকলোৰে অভিনন্দন গ্ৰহণ কৰাৰ লগতে সুশীলা চানুক আৱেগিক দেখা গৈছিল।
নীলকান্ত শৰ্মাই কয় যে তেওঁ নিজৰ প্ৰদৰ্শনত সন্তুষ্ট আৰু তেওঁ দেশৰ হৈ খেলা অব্যাহত ৰাখিব। আনহাতে সুশীলা চানুৱে আক্ষেপ প্ৰকাশ কৰে যে তেওঁৰ দলে পদকটো অলপৰ কাৰণে হেৰুৱাইছিল যদিও দলৰ প্ৰদৰ্শনক লৈ তেওঁ গৌৰৱান্বিত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|