আৰু মাত্ৰ পাঁচ দিন অৰ্থাৎ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ জাপানৰ ৰাজধানী চহৰ টকিঅ'ত অনুষ্ঠিত হ'ব গ্ৰেটেষ্ট স্প'ৰ্টছ শ্বো অন আৰ্থ 'অলিম্পিক গেমছ'। অলিম্পিক গেমছৰ বাবেই ভাৰতৰ কেইবাটাও দলে সুকীয়াকৈ ইতিমধ্যে টকিঅ' অভিমুখে ৰাওনা হৈছে। টকিঅ'ত উপস্থিত হৈছে মালিগাঁওৰ উত্তৰ–পূব সীমান্ত ৰে'লৱে চমুকৈ এন এফ ৰে'লৱেৰ খেলুৱৈ তথা মণিপুৰৰ ভাৰোত্তোলক ছাইখোম মীৰাবাই ছানু। বিশ্ব চেম্পিয়ন ভাৰোত্তোলক মীৰাবাই ছানুৱে তিনি দিন পূৰ্বে জাপানৰ ৰাজধানী চহৰত গৈ উপস্থিত হয়।
বিগত তিনিটা দিন কোৱাৰেন্টাইনত থকাৰ পিছত মীৰাবাই ছানুৱে এতিয়া টকিঅ'ৰ গেমছ ভিলেজত প্ৰৱেশ কৰে। উল্লেখ্য যে ৰাজীৱ গান্ধী খেলৰত্ন আৰু অৰ্জুন বঁটা বিজয়ী মীৰাবাই ছানুৱে ২০১৬ চনৰ ৰিঅ' অলিম্পিক গেমছতো অংশগ্ৰহণ কৰিছিল। যথেষ্ট শক্তিশালী প্ৰতিভাৱান খেলুৱৈ মীৰাবাই ছানুৰ পদকক লৈ আশাবাদী অসম ভাৰোত্তোলন সন্থাৰ সাধাৰণ সম্পাদক ভৱজ্যোতি গোস্বামী।
আনহাতে অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁয়ো টকিঅ'ত গৈ উপস্থিত হৈছিল। বিগত পোন্ধৰ দিন ইটালীৰ ৰাজধানী চহৰ ৰোমত অলিম্পিকৰ অনুশীলন চলোৱা লাভলীনাই টকিঅ'ৰ পৰা স্বৰ্ণপদক কঢ়িয়াই আনক বুলি সকলোৱে শুভেচ্ছা জনাইছে। দেশৰ সফল খেলুৱৈগৰাকীৰ সফলতাৰ বাবেই শনিবাৰে অসম অলিম্পিক সন্থাই আয়োজন কৰে বিশেষ অনুষ্ঠানৰ লগতে সাক্ষৰ অভিযান। অনুষ্ঠানটোত উপস্থিত আছিল এভাৰেষ্টাৰ আনচু জামছেনপা, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মিঠু বৰুৱা, কল্পনা চৌধুৰী আৰু তানিয়া চৌধুৰী। সকলোৱে লাভলীনা বৰগোহাঁইক শুভেচ্ছা জনায়।
উল্লেখ্য, বক্সিং ইণ্ডিয়াৰ সচিব প্ৰধান হেমন্ত কলিতা আৰু ভাৰতীয় এথলেটিকছৰ উপ সভাপতি লক্ষ্য কোঁৱৰো সোমবাৰে ৰাওনা হ'ব টকিঅ'লৈ। অসমৰ ৰাইজৰ শুভেচ্ছাৰ চিন স্বৰূপ হিচাপে সকলোৰে সাক্ষৰ থকা এখন বিশেষ গামোচা লাভলীনালৈ উপহাৰ হিচাপে লৈ যাব লক্ষ্য কোঁৱৰে। চীফ দ্য মিছন বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, লাভলীনা বৰগোহাঁই, মেৰীকম ইতিমধ্যে টকিঅ'ত উপস্থিত হৈছে। ভাৰতীয় খেলুৱৈসকলে গেমছ ভিলেজত প্ৰৱেশৰ প্ৰাকমুহুৰ্তত তিনি দিন হোটেলত কোৱাৰেইন্টাইনত থাকিব লাগিব। তাৰ পিছতহে গেমছ ভিলেজলৈ গৈ অনুশীলন চলাব পাৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।